গোগামুখ: নৃত্য প্ৰদৰ্শনেৰে ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিছে গোগামুখৰ কন্যা আপ্পুন পেগু। টপ-১৫ (Top 15)ত স্থান লাভ কৰিবলৈ সক্ষম হৈছে ধেমাজি জিলাৰ গোগামুখৰ কন্যা আপ্পুন। মাত্ৰ ৮ বছৰ বয়সতে ৰাষ্ট্ৰীয় টেলিভিছনত অসমৰ নাম উজ্জ্বলাইছে অসম কন্যা গৰাকীয়ে।

উল্লেখ্য যে, ৰাষ্ট্ৰীয় টেলিভিছন জি টিভিৰ ৰিয়েলিটী শ্ব’ ডান্স ইণ্ডিয়া ডান্স লিটিল মাষ্টাৰত টপ-১৫ত স্থান লাভ কৰিছে আপ্পুন পেগুৱে। গোগামুখ তাজিক গাঁৱত জন্মগ্ৰহণ কৰা আপ্পুন পেগুৱে আইতাকৰ গৃহ মহৰিকেম্প কচুতলীত ডাঙৰ-দীঘল হৈছিল। ধেমাজি গোগামুখ তাজিক গাঁৱৰ কন্যা আপ্পুন পেগুৱে অসমবাসী ৰাইজৰ সহায় বিচাৰিছে।

সৰুৰে পৰা আইতাকৰ মৰমৰ মাজত ডাঙৰ হোৱা আপ্পুন পেগুৰ সফলতাক লৈ আইতা গৰাকী আৱেগিক হৈ পৰে। ইফালে, আপ্পুনৰ ককাক ইতিমধ্যে মুম্বাইত আপ্পুনৰ কাষতে আছে। আপ্পুনৰ আইতা-ককাকে ৰাইজৰ আশীৰ্বাদ কামনা কৰিছে।

সৰুতেই মাক-দেউতাকৰ পৰা আঁতৰত থকা আপ্পুন পেগুক আইতাকে কেনেদৰে তুলি-তালি ডাঙৰ দীঘল কৰিলে আইতাকে দিলে সম্পূৰ্ণ বৰ্ণনা। সৰুৰে পৰা নাচ-গানত মতলীয়া আছিল আপ্পুন পেগু। কিন্তু অতি কম বয়সতেই হৃদ ৰোগত আক্ৰান্ত হৈছিল কণমানি আপ্পুন। আৰু অৱশেষত বহু চিকিৎসাৰ পাছত আৰোগ্য হৈছিল অসম কন্যা গৰাীক।

নাচ-গানত পাকৈত আপ্পুন পেগুক এদিন আইতাকে গোগামুখৰ এখন বিহু কৰ্মশালাত নাম ভৰ্তি কৰাই দিছিল তাৰ পৰাই আৰম্ভ হৈছিল আপ্পুন পেগুৰ এই নৃত্যৰ যাত্ৰা। আপ্পুন পেগুৰ গুৰু আয়ানে মুম্বাইলৈ নি সলনি কৰিলে তাইৰ জীৱন। ৰিয়েলিটী শ্ব’টোত হাজাৰ হাজাৰ প্ৰতিযোগীৰ মাজত আগুৱাই গৈ বৰ্তমান টপ-১৫ত আছে আপ্পুন পেগু।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply