নিউজ ডেস্কঃ ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তৰ্গত দৈফাঙত বৃহস্পতিবাৰে নিশা সংঘটিত হয় এনকাউণ্টাৰ। এনকাউণ্টাৰত কেনাৰাম বড়ো নামৰ এজন দুৰ্ধৰ্ষ ডকাইত নিহত হোৱা বুলি খবৰ ওলাই আহে।
কিন্তু এতিয়া এনকাউণ্টাৰ ঘটনাটোৱে লৈছে নতুন মোৰ। স্থানীয় ৰাইজে দাবী কৰিছে যে, আৰক্ষীৰ গুলীত ডকাইত নহয় আন এজন লোকৰহে মৃত্যু হৈছে।
ঘটনাটোৰ এদিন পিছতে এতিয়া বিস্ফোৰক তথ্য পোহৰলৈ আহিছে যে আৰক্ষীৰ গুলীত কেনাৰাম বড়ো নহয়, অঞ্চলটোৰে এজন নিৰীহ লোক ডিম্বেশ্বৰ মুছাহাৰীক হে এনকাউণ্টাৰ কৰে ।
ডিম্বেশ্বৰ মুছাহাৰীৰ পত্নীয়ে বিশেষকৈ দাবী উত্থাপন কৰি কয় যে, “বৃহস্পতিবাৰে নিশা আৰক্ষীৰ এনকাউণ্টাৰত মৃত্যু হোৱা লোকজন কেনাৰাম বড়ো নহয়, মোৰ স্বামীহে”। লগতে কয় যে, সেই নিশা কেনাৰাম আমাৰ ঘৰলৈ আহি মোৰ স্বামীক মাতি লৈ গৈছিল বুলি বিস্ফোৰক মন্তব্য আগবঢ়াই।
ইফালে স্থানীয় ৰাইজে অভিযোগ কৰে যে, ডিম্বেশ্বৰ মুছাহাৰীক মৃতদেহটো কেনাৰামৰ পৰিয়ালে পুটি থৈছে। এতিয়া মুছাহাৰীৰ পৰিয়ালে তেওঁৰ স্বামীৰ মৃতদেহটো ঘূৰাই দিবলৈ থানাত এজাহাৰো দাখিল কৰিছে।