নিউজ ডেস্কঃ পুনৰ উত্থাপন হৈছে জুবিন গাৰ্গে ধন লৈ তিৱা ছাত্ৰ সন্থাই নেলীত অনুষ্ঠিত কৰা সংগীতানুষ্ঠানত উপস্থিত নাথাকে। যাৰ বাবে শনিবাৰৰ নিশাৰ পৰা সামাজিক মাধ্যমত এই বিষয়ে চৰ্চা হোৱা দেখা গৈছে।

কিন্তু তিৱা ছাত্ৰ সন্থাই নেলীবাসীৰ সন্মুখত জুবিন গাৰ্গে টকা লৈ অনুষ্ঠান কৰিব লৈ নহা ঘোষণাটো কিমান দূৰ সচাঁ? তাক লৈ জুবিন গাৰ্গ আৰু জুবিন গাৰ্গৰ টীমে এক ফেচবুক পোষ্টৰ জৰিয়তে স্পষ্টিকৰণ দিছে।

ফেচবুক পোষ্টত জুবিন গাৰ্গৰ টীমে জনোৱা অনুসৰি, নেলীত সংগীতানুষ্ঠানৰ বাবে তিৱা ছাত্ৰ সন্থাই যোগাযোগ কৰিছিল। যোগাযোগ অনুসৰি লিখিত চুক্তি অগ্ৰিম ধন ১ লাখ টকাৰ দিয়াৰ কথা আছিল কিন্তু মাত্ৰ ৫০,০০০ টকাহে আদায় কৰে। লগতে চুক্তি উল্লেখ অনুসৰি অনুষ্ঠানৰ আগেয়ে বাকী দিবলগীয়া টকাখিনি আদায় দিয়া কথা আছিল আৰু টকা সম্পূৰ্ণ আদায় নিদিলে অনুষ্ঠান কৰা নহয় ।

অনুষ্ঠান কমিটীয়ে শনিবাৰে টকা সমূহ সম্পূৰ্ণ আদায় দিম বুলি কোৱাৰ পিছতো দিনৰ ২ বজাৰ পৰা সন্ধিয়া ৯ বাজে কিন্তু জুবিন গাৰ্গৰ মেনেজাৰ গৈ উপস্থিত হোৱাৰ পিছতো কোনো আদায় নিদিলে। যাৰ বাবে জুবিনৰ টীমে অনুষ্ঠান বাতিল কৰে।

লগতে, আগতীয়াকৈ উপস্থিত হোৱা জুবিন গাৰ্গৰ ছাউণ্ডৰ টীমকো অপদস্থ কৰে আৰু গাড়ী জ্বলাই দিয়াৰ ভাবুকি প্ৰদান কৰে কমিটীয়ে। আনকি মঞ্চলৈ মতাই জুবিনদাৰ গা বেয়া কাৰণে অনুষ্ঠান বাতিল হোৱা বুলি ক’বলৈ জোৰ কৰা হৈছিল বুলি ফেচবুক পোষ্ট জৰিয়তে উল্লেখ কৰে।

উল্লেখযোগ্য যে, একেটা পোষ্টতে জুবিন গাৰ্গে লিখে যে,  “নিজৰ বেয়া দিনত, পৰিয়ালৰ বেয়া দিনতো অনু্ষ্ঠান কৰিছোঁ। যদি চেৰিটী অনুষ্ঠান হয়, মই বিনা পইচাই যাওঁ। কিন্তু প্ৰফেশ্যনেল অনুষ্ঠান পাতিলে দিম বুলি কোৱা পইচাখিনি দিব লাগে। নেলীৰ ৰাইজে কথাখিনি বুজি পাব বুলি আশা কৰিলোঁ”।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply