মানকাচৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীস্থ জিলা আৰক্ষীৰ সভাকক্ষত শনিবাৰে জিলা আৰক্ষী প্ৰশাসন আৰু জিলা প্ৰশাসনৰ লগত অসম আৰক্ষীৰ পশ্চিম মণ্ডলৰ উপ মহাপৰিদৰ্শকৰ এখন অপৰাধ বিৰোধী সভা অনুষ্ঠিত হয়।জিলাখনৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈ অহা বিভিন্ন অপৰাধমূলক কাৰ্যসূচী নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী তথা জিলা প্ৰসাসনৰ সৈতে উপ মহাপৰিদৰ্শকৰ অপৰাধ বিৰোধী সভা অনুষ্ঠিত হয়।

এই সভাত অসম আৰক্ষীৰ পশ্চিম মণ্ডলৰ উপ মহাপৰিদৰ্শক আই পি এছ বিষয়া দিলীপ কুমাৰ দে মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে জিলা আৰক্ষী অধীক্ষক সুবোধ সোণোৱাল, জিলা উপায়ুক্ত এইচ এন গৌতম, জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক সত্য ৰঞ্জন শইকীয়া, জিলা উপ আৰক্ষী অধীক্ষক, জিলাখনৰ অধীনত থকা চাৰিখন আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া, দুখন আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া, জিলাখনত কৰ্মৰত আৰক্ষীৰ পৰিদৰ্শক, উপপৰিদৰ্শক সকল উপস্থিত থাকে।

আৰু পঢ়কঃ ভাৰতীয় চিকিৎসক সন্থাৰ অসম ৰাজ্যিক শাখাৰ প্রতিনিধি দলে সাক্ষাৎ কৰিলে মুখ্যমন্ত্রীক

ক’ভিড পৰিস্থিতৰ মাজত চৰকাৰে জাৰি কৰা প্ৰতিটো নিৰ্দেশনা পুঙ্খানুপুঙ্খভাৱে পালন কৰিবলৈ উপ মহাপৰিদৰ্শক গৰাকীয়ে জিলা আৰক্ষীক নিৰ্দেশ দিয়াৰ লগতে অপৰাধ মূলক ঘটনা নিয়ন্ত্ৰণ কৰিবলৈ ৰণকৌশল প্ৰস্তুত কৰা নিৰ্দেশ দিয়ে। উপ মহাপৰিদৰ্শক গৰাকী কয় যে জিলাখনত জিলা উপায়ুক্ত, জিলা আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক তথা উপ আৰক্ষী অধীক্ষক নতুনকৈ আহিছে, এই ক্ষেত্ৰত আৰক্ষী প্ৰশাসন আৰু জিলা প্ৰশাসন একত্ৰিত হৈ সকলো প্ৰকাৰৰ অপৰাধ নিয়ন্ত্ৰণ কৰাৰ বাবে আৰক্ষী সষ্টম হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply