গুৱাহাটী : গ্ৰেপ্তাৰ হ’ল ডিআইজি ৰৌণক আলী হাজৰিকা। মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ শাখাই গ্ৰেপ্তাৰ কৰে ৰৌণক আলী হাজৰিকাক। হেঙেৰাবাৰীস্থিত বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হয় ডিআইজি ৰৌণক আলী হাজৰিকাক।
অৱশেষত নিলম্বিত ডিআইজি ৰৌণক আলী হাজৰিকা জালত পৰিল। মঙলবাৰে হেঙেৰাবাৰীস্থিত বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হয় নিলম্বিত আৰক্ষী বিষয়া গৰাকীক। মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ শাখাই এক অভিযান চলাই ৰৌণক আলী হাজৰিকাক জালত পেলাবলৈ সক্ষম হয়।
লগতে পঢ়ক : নদীৰ মাজৰ পৰা মাতৃ-কন্যাক উদ্ধাৰ কৰিলে দুই যুৱকে
এক গোপন খবৰৰ ভিত্তিত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ শাখাই এছ পি ৰজী কলিতাৰ নেতৃত্বত ৰৌণক আলী হাজৰিকৰ হেঙেৰাবাৰীস্থিত বাসগৃহত অভিযান চলায়। আয়তকৈ অধিক সম্পত্তিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে ৰৌণক আলী হাজৰিকাক।