ডিগবৈঃ অসমৰ বজাৰত উপলব্ধ বিভিন্ন ব্ৰেণ্ডৰ পাণ মছলাত স্বাস্থ্যৰ বাবে হানিকাৰক মেগনেছিয়াম কাৰ্বনেট থকাটো প্ৰমাণিত হৈছে। ইতিমধ্যে মেগনেছিয়াম কাৰ্বনেট থকাৰ বাবে বিহাৰ, মধ্য প্ৰদেশ, ৰাজস্থান আদি ৰাজ্যত পাণমছলাৰ বিক্ৰী নিষিদ্ধ কৰা হৈছে। মেগনেছিয়াম কাৰ্বনেট যুক্ত পাণ মছলা সেৱন কৰিলে বহু জটিল ৰোগ হ’ব পাৰে।
ছাত্ৰ- ছাত্ৰীসকল এনে ক্ষতিকাৰক বস্তুৰ পৰা সদায় দূৰত থাকিব লাগে। এই মন্তব্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা তথা কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰাম, অসমৰ সচিব অধিবক্তা অজয় হাজৰিকা।
উল্লেখ্য যে ডিগবৈৰ বালিজানবৰজান মধ্য ইংৰাজী বিদ্যালয় আৰু নবৰুণ য়ুথ ক্লাব, ডিগবৈ যৌথ উদ্যোগত “ধঁপাত সেৱনৰ অপকাৰীতা” শীৰ্ষক এক বক্তৃতানুষ্ঠানৰ আয়োজন কৰে।
বিদ্যালয়খনৰ প্ৰধান শিক্ষক মনোতোচ বিশ্বাস আৰু সহকাৰী শিক্ষক সংগীতা ভৰালী বৰাৰ উপস্থিতিত অনুষ্ঠিত এই বক্তৃতানুষ্ঠানৰ মূল বক্তৃতা প্ৰদান কৰি অধিবক্তা হাজৰিকাই কয় – আন্তৰ্জাতিক সমীক্ষা মতে ধঁপাত আৰু ধঁপাত জাতীয় সামগ্ৰী সেৱনৰ ফলত ২০২০ বর্ষত সমগ্ৰ বিশ্বতে কৰ্কট ৰোগীৰ সংখ্যা ১ কোটি ৯৩ লাখলৈ বৃদ্ধি পাইছে।
অন্য এক গৱেষণা মতে, সমগ্ৰ বিশ্বত ৫ জন লোকৰ ভিতৰত ১ জন লোক নিজৰ জীৱন কালত কৰ্কট ৰোগত আক্রান্ত হয়। এখন শিক্ষানুষ্ঠানৰ পৰা ১০০ মিটাৰৰ ভিতৰত ধঁপাত আৰু ধঁপাত জাতীয় সামগ্ৰী বিক্ৰী আইনবিৰুদ্ধ।
লগতে পঢ়কঃকাইলৈৰ পৰা গুৱাহাটীত আৰম্ভ হ’ব গান্ধী শিল্প বজাৰ
শিক্ষক আৰু অভিভাৱক সকলে ধঁপাত আৰু ধঁপাত জাতীয় সামগ্ৰী সেৱনৰ ফলত স্বাস্থ্যৰ ওপৰত পৰিব পৰা ভয়াৱহ প্ৰভাৱ আৰু ইয়াৰ পৰা হ’বলগীয়া ৰোগৰ বিষয়ে শিশু, কিশোৰ আৰু যুৱ প্ৰজন্মক বুজোৱা উচিত।
বক্তৃতানুষ্ঠানত উপস্থিত থকা ছাত্ৰ-ছাত্ৰী, শিক্ষক, অভিভাৱক, আৰু স্থানীয় লোকসকলৰ সৈতে ধঁপাত আৰু ধঁপাত জাতীয় সামগ্ৰীৰ ব্যৱহাৰৰ ফলত হ’ব পৰা অপকাৰীতা সন্দৰ্ভত মত-বিনিময় কৰি অধিবক্তা হাজৰিকাই কয় খাদ্য সুৰক্ষা আৰু মানবিশিষ্ট আইনৰ অধীনত গুটকা, পাণ মছলা, ধঁপাত আৰু নিক’টিন থকা যিকোনো খোৱা সামগ্ৰী প্রস্তুত, জমা, সৰবৰাহ, বিতৰণ, প্ৰদৰ্শন বা বিক্ৰীৰ ক্ষেত্ৰত অসম চৰকাৰে সময়ে সময়ে নিষেধাজ্ঞা আৰোপ কৰি আহিছে। বৰ্তমানৰ কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিশ্ব স্বাস্থ্য সংস্থা, আইচিএমআৰে ধঁপাত আৰু ধঁপাতজাতীয় সামগ্ৰী ব্যৱহাৰৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছে।”