ডিগবৈৰ টিংৰাইত গ্ৰেনেড  বিস্ফোৰণত নিহতৰ আত্মীয়লৈ ৫ লাখ টকাকৈ সাহাৰ্য ঘোষণা ৰাজ্য চৰকাৰৰ। আজি ঘটনাস্থলী পৰিদৰ্শন কৰি মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰে।

মন্ত্ৰী সঞ্জয় কিষাণ আৰু নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈৰ সৈতে বিস্ফোৰণথলী পৰিদৰ্শন কৰে মুখ্য মন্ত্ৰী শৰ্মাই।

এই ঘটনাৰ সৈতে যিয়েই জড়িত আছে তেওঁলোকক তদন্ত কৰি শীঘ্ৰে কৰায়ত্ত কৰাৰ নিৰ্দেশ দিছে মুখ্য মন্ত্ৰী শৰ্মাই। সংবাদমাধ্যমৰ আগত শৰ্মাই কয় যে দোষী সকলোৱে আইন মতে শাস্তি পাব।

টিংৰাই বিস্ফোৰণত নিহতৰ সুৰজিত তালুকদাৰৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালক সাক্ষাৎ কৰে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰিয়ালটোক সমবেদনা জনোৱাৰ লগতে দুৰ্ভগীয়া পিতৃ-মতৃৰ কথা শুনি আৱেগিক হৈ পৰে মু্খ্য মন্ত্ৰী শৰ্মা। এই ভিডিঅ’ ছচিয়েল মিডিয়াত ছেয়াৰ কৰিছে মুখ্য মন্ত্ৰীগৰাকীয়ে।

কালিৰ দুৰ্ভাগ্যজনক ঘটনাত প্ৰাণ হেৰুওৱা সুৰজিত তালুকদাৰৰ লগতে আনগৰাকী নিহত ব্যক্তি সঞ্জীৱ সিঙৰ পৰিয়াললৈ ৫ লাখ টকাৰ এককালীন সাহায্য ঘোষণা কৰে মুখ্য মন্ত্ৰীয়ে। আহতসকলৰ চিকিৎসাৰ বাবেও প্ৰশাসনক উপযুক্ত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে।

উল্লেখযোগ্য যে শুকুৰবাৰে ডিগবৈৰ টিংৰাই বজাৰত সংঘটিত গ্ৰেনেড বিস্ফোৰণত দুজন লোক নিহত হোৱাৰ লগতে আন দুজন গুৰুতৰভাৱে আহত হৈছিল।

উক্ত ঘটনাৰ সৈতে আলফা (স্বাঃ) জড়িত থকাৰ সন্দেহ কৰা হৈছিল যদিও সংঠনটোৱে এক বিজ্ঞপ্তিৰ জৰিয়তে এই কথা অস্বীকাৰ কৰে।

লগতে পঢ়ক : অহা ৩ মাহলৈ কোনো সামৰিক অভিযান নচলাই আলফা (স্বাধীন)-এ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply