ডিগবৈঃ ডিগবৈৰ পেঙেৰী পথৰ ভীমপথাৰত উদ্ধাৰ হৈছে শক্তিশালী বোমা। আপাৰ দিহিং সংৰক্ষিত বনাঞ্চলৰ কাষত উদ্ধাৰ হৈছে বোমাটো। আজি পুৱা ৬বজাত ডিগবৈ অভিমুখে যোৱা দুজনমান যুৱকে ৰাস্তাৰ দাঁতিত পুতি থোৱা অৱস্থাত এটা বাচন প্ৰত্যক্ষ কৰে। যুৱক দুজনে বাচনটো উলিয়াই আনোতে এডাল তাঁৰ প্ৰত্যক্ষ কৰোতে তাত বোমা থকা বুলি সন্দেহ ওপজে। ইয়াৰ পিছতেই লগে লগে আৰক্ষী-প্ৰশাসনক খবৰ দিয়ে।

লগতে পঢ়কঃনলবাৰীত দুৰ্বৃত্তৰ আক্ৰমণত আহত বিজেপিৰ নেত্ৰী

বোমাটো নিস্ক্ৰিয় কৰিবৰ বাবে ঘটনাস্থলীলৈ দিনজান সেনাবাহিনীৰ বোমা বিশেষজ্ঞৰ দল উপস্থিত হয়। বোমাটো বৰ্তমান সেনাৰ বোমা বিশেষজ্ঞৰ দলে নিস্ক্ৰিয় কৰা বুলি জানিব পৰা গৈছে।বোমা উদ্ধাৰৰ ঘটনাক লৈ অঞ্চলবাসী এতিয়া তীব্ৰ আতংকত ভুগিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply