মাৰ্ঘেৰিটা: ডিগবৈত পিষ্টল সহ এজন যুৱকক আটক। ডিগবৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত যোৱা আৰক্ষীৰ অভিযানত পানবাৰী গাঁৱৰ পৰা আটক কৰে যুৱজ জনক।
ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাবলৈ যাওঁতে পানবাৰী নিজা বাস গৃহৰ পৰা আটক টুলন চাংমাই নামৰ যুৱক জনক।
দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত থকাৰ খবৰৰ ভিত্তিত ডিগবৈ আৰক্ষীৰ নিশা অভিযান যুৱক জনৰ বাস গৃহত।
অটকাধীন যুৱক জনৰ পৰা এটা 7.65 এটা পিষ্টল আৰু এটা মেগাজিন আৰু এটা সজীৱ গুলি উদ্ধাৰ কৰে ডিগবৈ আৰক্ষীয়ে।
যুৱকজনক মাৰ্ঘেৰিটা মহকুমাৰ আৰক্ষীৰ বিষয়াৰ নেতৃত্বত বৰ্তমানে জেৰা অব্যাহত আছে।
লগতে পঢ়ক- মুখ্যমন্ত্ৰীৰ যাতায়তৰ বাবে দুই মিনিটতকৈ অধিক সময় আন যান বাহনৰ যাতায়ত বন্ধ কৰিব নোৱাৰিব