নগাঁওঃ কন্ঠশিল্পী দীগেন মহন্তলৈ ২০২২ বৰ্ষৰ কলংপৰীয়া শিল্পী বঁটা প্ৰদান কৰা হৈছে। নগাঁৱৰ কলঙৰ বাকৰি নেহৰুবালিত উদযাপিত বসন্ত উৎসৱত কন্ঠশিল্পীগৰাকীক এই বঁটা প্ৰদান কৰে বিধায়ক ৰূপক শৰ্মাই।

দীগেন মহন্তক গামোচা, চেলেং, জাপি, মানপত্ৰ, নগদ ধন প্ৰদান কৰে ‘সৃষ্টি’য়ে প্ৰদান কৰে এই বঁটা। তেওঁ এই বঁটা গ্ৰহণ কৰি আৱেগিক হৈ পৰে আৰু কয় যে মোৰ জীৱন সংগীতৰ মাজতেই।  উল্লেখ্য যে, গণশিল্পী খগেন মহন্তৰ ভাতৃ দীগেন মহন্ত।

ইফালে, ‘সৃষ্টি’ৰ উদ্যোক্তা তথা বিধায়ক ৰূপক শৰ্মাৰ কথা উল্লেখ কৰি তেওঁ কয়- ‘বিধায়ক ৰূপক শৰ্মা প্ৰথমে এগৰাকী শিল্পী। ৰূপক শৰ্মা সাংস্কৃতিক পৰিয়ালৰ এজন ল’ৰা।’

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply