গুৱাহাটী : প্ৰকৃতিপ্ৰেমী সকলৰ লগতে ৰাজ্যবাসীৰ বাবে এক সুখবৰ। অসমত বৃদ্ধি পালে ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা। অসমত নতুনকৈ সংযোজন হ’ল আৰু এখন ৰাষ্ট্ৰীয় উদ্যান। এতিয়াৰে পৰা অসমত ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা হ’ল ৭ খন।

অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা ৭ খনলৈ বৃদ্ধি পালে। চৰকাৰে দিহিং-পাটকাইক শেহতীয়াকৈ ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি প্ৰদান কৰিছে। পাঞ্জাবাৰীস্থিত ‘অৰণ্য ভৱন’ত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই বুধবাৰে এক সংবাদমেল সম্বোধন কৰি দিহিং-পাটকাইক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰে।

লগতে পঢ়ক : পুনৰ চৰ্চাত ‘বাবা কা ধাবা’ : ৰেষ্টোৰেণ্ট ফেইল, কিমান লাখ টকা বাকী ৰৈছে কান্তা প্ৰসাদৰ?

অসমত ইয়াৰ পূৰ্বে পাঁচখন ৰাষ্ট্ৰীয় উদ্যান আছিল যদিও বুধবাৰৰ পৰা নতুনকৈ দুখন ৰাষ্ট্ৰীয় উদ্যান সংযোজিত হৈছে বুলি বনমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।ইয়াৰ পূৰ্বে ‘পৰিৱেশ দিৱস’ৰ দিনা ৰাজ্য চৰকাৰে ‘ৰাইমনা’ক ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি প্ৰদান কৰিছিল। উল্লেখযোগ্য যে, ‘দিহিং-পাটকাই’ক বৰ্ষাৰণ্য হিচাপে সংৰক্ষণ কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতিয়ে বহু সহায় কৰিব।

ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান হৈছে বৰ্ষাৰণ্যৰ এক অংশ। এই ৰাষ্ট্ৰীয় উদ্যানক বিস্তৃতি তথা ঘন বনাঞ্চলৰ বাবে ইয়াক ‘পূবৰ আমাজান’ (The Amazon of the east) বুলিও আখ্যা দিয়া হয়।

বন বিভাগৰ তথ্য অনুসৰি দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি হৈছে ২৩৪. ২৬ বৰ্গ কিলোমিটাৰ। যি ডিব্ৰুগড় জিলাত পৰিছে ১১০. ৫৯ বৰ্গ কিলোমিটাৰ আৰু তিনিচুকীয়া জিলাত পৰিছে ১২৩. ৬৭ বৰ্গ কিলোমিটাৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,852 other subscribers

Leave a comment

Leave a Reply Cancel reply