ছিপাঝাৰঃ ছিপাঝাৰৰ দেওমৰনৈ নিকটৱৰ্তী খাৰখোৱাপাৰা প্ৰাথমিক বিদ্যালয়খনৰ আজিকোপতি নহ’ল মেৰামতি।
২০১৮ চনতেই প্ৰৱল ধুমুহাই টিনপাত উৰুৱাই নিয়াৰ লগতে বিদ্যালয় গৃহটিৰো ব্যাপক ক্ষতিসাধন কৰিছিল। তাৰপিছতেই পাথৰিঘাট ৰাজহ চক্ৰৰ তেতিয়াৰ তদানীন্তন চক্ৰ বিষয়া সহিতে এটি সজাতি দলে বিদ্যালয়খন পৰিদৰ্শন কৰিছিল যদিও বছৰ বছৰ ধৰি পৰিত্যক্ত অৱস্থাতে থাকিল বিদ্যালয়খন।
শিক্ষা বিভাগ আৰু জিলা প্ৰশাসনক বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিছতো আজিকোপতি বিদ্যালয়খনৰ মেৰামতিৰ ক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে।
আৰু পঢ়কঃক্ষমতাৰ অপব্যৱহাৰ কৰাৰ অভিযোগ আৰক্ষী বিষয়া নিলাভজ্যোতি নাথৰ বিৰুদ্ধে
১৯২৫ চনতে স্থাপিত হোৱা বিদ্যালয়খন এতিয়া এনেদৰে জৰাজীৰ্ণ অৱস্থাত থকাত গাঁওবাসীয়ে উদ্বেক প্ৰকাশ কৰিছে।
শতবৰ্ষ গৰকিবলৈ আগবঢ়া বিদ্যালয়খনৰ আন্তঃগাঁঠনিকে ধৰি বিদ্যালয় গৃহটি পুন: নিৰ্মাণৰ বাবে ধন আৱন্তন দি শৈক্ষিক পৰিৱেশ ঘূৰাই আনিবলৈ বিভাগীয় কৰ্তৃপক্ষ, চৰকাৰ আৰু জনপ্ৰতিনিধিক আছুৰ লগতে গাঁওবাসীয়ে দাবী জনাইছে ।