গুৱাহাটী : পোহৰলৈ আহিছে ডিম্পল হত্যাকাণ্ডৰ ৰহস্য। হত্যাকাণ্ড সংঘটিত কৰা কৰা আশিক গুপ্তাই আৰক্ষীৰ ওচৰৰ স্বীকাৰ কৰিলে হত্যাকাণ্ডৰ কাৰণ। ডিম্পলে চিগাৰেট খোৱাৰ বাবে আশিক গুপ্তাই হত্যা কৰিলে ডিম্পলক।
অৱশেষত পোহৰলৈ আহিল উজান বজাৰৰ খাৰঘুলীৰ ডিম্পল হত্যাকাণ্ডৰ ৰহস্য। হত্যাকাৰী আশিক গুপ্তাই আৰক্ষীৰ ওচৰত স্বীকাৰ কৰা মতে ডিম্পলে চিগাৰেট খাই থকাৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হৈছে।
লগতে পঢ়ক : ভাৰত-বাংলাদেশ সীমান্তৰ নদী পথত বিএছএফে জব্দ কৰিছে ২২ টাকৈ গৰু
ডিম্পলক চিগাৰেট খোৱা দেখি আশিক গুপ্তাই বাধা দিছিল। চিগাৰেট খোৱাত বাধা দিয়াৰ বাবে দুয়োৰে মাজত সূত্ৰপাত হৈছিল সংঘাতৰ আৰু ইয়াৰ পৰিণতিত সংঘটিত হয় এই হত্যাকাণ্ড।
আৰক্ষীৰ জেৰাত আশিক গুপ্তাৰ বিস্ফোৰক স্বীকাৰোক্তি হত্যাকাণ্ডক ডকাইতিৰ ৰূপ দিয়াৰ চেষ্টা চলাইছিল আশিক গুপ্তাই। হত্যাকাণ্ডক ডকাইতিৰ ৰূপ দিয়াৰ বাবে আশিক গুপ্তাই খুলি ৰাখিছিল ডিম্পলৰ গৃহৰ দুটা আলমিৰা।
হত্যাকাৰীৰ ভাষ্যক অস্বীকাৰ ডিম্পলৰ মাতৃৰ, মাতৃৰ সন্দেহ মোবাইলৰ বাবেই হত্যা কৰিলে ডিম্পলক।