শিৱসাগৰঃ কিমান পাশবিক হ’লে মানুহে এনে নৃশংস কাণ্ড সংঘটিত কৰিব পাৰে? ডিম্পী ভূমিজ নামৰ কণমানিজনীৰ হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য।
মাত্ৰ ন বছৰ বয়সতেই আনৰ ঘৰত বনকৰা হিচাপে থাকিবলগীয়া হোৱাটো কিমান অসহনীয়। এই বয়স আছিল ডিম্পীৰ লগৰ সমনীয়াৰ সৈতে বিদ্যালয়লৈ যোৱাৰ, এই সময় আছিল সমনীয়াৰ সৈতে খেলি ওমলি ফুৰাৰ। কিন্তু দৰিদ্ৰতাৰ বাবেই ডিম্পীৰ পিতৃ-মাতৃয়ে বনকৰা হিচাপে থৈছিল বিতুপন ঢেকিয়াল ফুকন নামৰ লোকজনৰ ঘৰত।
এই ন বছৰীয়া ছোৱালীজনীয়ে ঘৰৰ সমস্ত কাম কৰিব লাগে। বিদ্যালয়ত পঢ়োৱাৰ আশ্বাসেৰে ঘৰলৈ লৈ অনা ডিম্পীক বিতুপন ঢেকিয়াল ফুকন আৰু ৰিতুস্মিতা দত্তই ২৪ঘন্টাৰ ১৮ঘন্টাই কামত খটুৱাইছিল। দিনটো কাম কৰি থকা ভাগৰত শুই গ’লেই বিচনাৰ পৰা কণমানিজনীক ভৰিৰে গুৰিয়াই মাটিত পেলাই দিয়া হৈছিল। কণমানিজনীৰ ওপৰত এনেদৰেই চলিছিল নানাধৰণৰ পাশবিক অত্যাচাৰ।
কণমানিজনীৰ দুয়োখন হাত পিছলৈ টানি তলমুৱাকৈ মজিয়াত পেলাই কণমানি শৰীৰটোত ফলাখৰিৰে কোবোৱা হৈছিল,তাৰ উপৰিও শৰীৰৰ বিভিন্ন অংশত গৰম পানী ঢালিছিল ঘাতক দম্পতীয়ে।
প্ৰচণ্ড প্ৰহাৰত ডিম্পীৰ সোঁ আঠু ভাঙি গুড়ি হৈ গৈছিল।মূৰৰ পিছফালৰ প্ৰচণ্ড প্ৰহাৰৰ ফলত দুয়োটা চকু ক’লা পৰি ফুলি গৈছিল। বুকুৰ দুয়োফালে আছিল গধুৰ বস্তুৰ আঘাতৰ চিন। ওঠ ফাটি তেজ বিৰিঙি পৰিছিল। অৱশেষত বৃহস্পতিবাৰে জীৱন যুঁজত হাৰ মানি মৃত্যুক আকোৱালি লয় ডিম্পীয়ে। এই পাশবিক অত্যাচাৰৰ সমস্ত ঘটনা ইতিমধ্যে আৰক্ষীৰ আগত নিজ মুখে স্বীকাৰ কৰিছে হত্যাকাৰী বিতুপন আৰু ৰিতুস্মিতাই।
উল্লেখ্য যে, ডিম্পীৰ হত্যাকাণ্ডৰ সন্দৰ্ভত আৰক্ষীকো বিপথে পৰিচালিত কৰিছিল অভিযোগ উত্থাপন হৈছে বিতুপন ঢেকিয়াল ফুকন আৰু পত্নীৰ বিৰুদ্ধে। অভিযুক্ত বিতুপন ঢেকিয়াল ফুকনৰ পত্নীয়ে আৰক্ষীক নিজৰ নাম পৰিস্মিতা দত্ত বুলি জানিবলৈ দিছিল যদিও আৰক্ষীৰ তদন্তত পৰিস্মিতাৰ পৰিবৰ্তে ৰিতুস্মিতা দত্ত বুলিহে পোহৰলৈ আহিছে । আনহাতে হত্যাৰ বলি হোৱা ভানু ভূমিজৰ প্ৰকৃত নাম ডিম্পী ভূমিজহে । আনহাতে শিশুটিৰ ঘৰ তিতাবৰত বুলি মিছাকৈ কৈ আৰক্ষী আৰু সাংবাদিকক বিপথে পৰিচালিত কৰিছিল দম্পত্তিয়ে।
আৰক্ষীয়ে হত্যাকাৰী ৰিতুস্মিতা দত্তৰ মাতৃ অদিতি দত্তকো আটক কৰিছে। শিৱসাগৰ সদৰ আৰক্ষী থানাত অদিতি দত্তক সোধপোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে।
ইপিনে মৰণোত্তৰ পৰীক্ষাৰ অন্তত নাজিৰা ন-মাটি নাওঁশলীয়াত বৃহস্পতিবাৰে নিশা অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হয় দুৰ্ভগীয়া ডিম্পীৰ। আজি কণমানি ডিম্পীৰ হত্যাৰ ন্যায় বিচাৰি নাজিৰা ৰাজহ চক্ৰৰ বিষয়াক স্মাৰক পত্ৰ দাখিল কৰিছে আটছাই।