উজানবজাৰত এগৰাকী ১৪ বছৰীয়া কিশোৰীক ঘৰত সোমাই নিষ্ঠুৰভাৱে কৰা হত্যা কৰা ঘটনাৰ কেতবোৰ গুৰুত্বপূৰ্ণ ক্লু উদ্ধাৰ কৰিছে আৰক্ষীয়ে ।
তদন্তকাৰী আৰক্ষীয়ে জনোৱা মতে, প্ৰথমে আশিক গুপ্তাই কিশোৰীগৰাকীৰ সৈতে কাজিয়াত লিপ্ত হৈছিল। আৰু খঙৰ ভমকত কুকাৰ, পটাগুটি আৰু চুৰিৰে আঘাত কৰিছিল ডিম্পলক ৷ তাৰ পিছতে ডিম্পলৰ মোবাইল ফোনটো লৈ সেই স্থানৰ পৰা পলায়ন কৰে ৷
ডিম্পলৰ জেঠায়েকৰ পুত্ৰ আশিকৰ লগতে বন্ধু কৰণ আৰু জিতু নামৰ তিনিজন যুবকক সোধাপোছা কৰি থকা সময়তে আৰক্ষীয়ে তেওলোকৰ কথাৰ ভিত্তিতে ডিম্পলৰ ফোনটো কাষৰেই এঘৰত ড্ৰামৰ তলত লুকুৱাই থোৱাৰ পৰা উদ্ধাৰ কৰিছে ।
হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰি আশিক গুপ্তাই আৰক্ষীক জনালে ডিম্পলৰ ম’বাইলটো লুকুৱাই ৰখা বুলি।
এটা ড্ৰামৰ তলত লুকুৱাই ৰাখিছিল ম’বাইল ফোনটো। আশিক গুপ্তাই ঘটনা সংঘটিত হোৱাৰ প্ৰায় এমাহৰ পৰা বাস কৰিছিল দুৰ্ভগীয়া পৰিয়ালটোৰ সৈতে ৷

পিতৃ মাতৃয়ে কামলৈ ওলাই যোৱাৰ পিছতেই ঘৰতে থাকি অন লাইন ক্লাচ কৰি থকা ডিম্পললৈ দেউতাকে ফোন কৰোতে জেঠায়েকৰ পুত্ৰ আশিকে ফোন ধৰি ডিম্পল বাথৰুমলৈ যোৱা বুলি কৈছিল ।
ঘটনা সংঘটিত হোৱাৰ সময়ত আশিকে পিন্ধি থকা কাপোৰ যোৰ এতিয়াও উদ্ধাৰ নোহোৱা আদি ঘটনাই সন্দেহৰ আঙুলী আশিকৰ ফালেই যোৱা বুলি সন্দেহ কৰি তদন্ত চলাই গৈছিল।
উল্লেখ্য যে, মৰনোত্তৰ পৰীক্ষাৰ পিছত আজি উজানবজাৰস্থিত বাসগৃহলৈ ডিম্পলৰ মৃতদেহ অনাৰ সময়ত শোকাকুল পৰিবেশৰ সৃষ্টি কৰে পিতৃ মাতৃৰ উপস্থিতিত নবগ্ৰহ শ্মশানত শেষকৃত সম্পন্ন কৰা হয় ডিম্পলৰ ।হত্যাকাৰীক উচিত শাস্তি দিয়াৰ দাবী স্থানীয় ৰাইজৰ।
লগতে পঢ়ক উত্তৰ-প্ৰদেশত ঘৰলৈ আহি থকাৰ পথত ১৪ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণ