মুখ্যমন্ত্ৰীৰ আমন্ত্ৰন ৰক্ষা কৰি গুৱাহাটীলৈ অহা মাজুলীৰ ৪৭টি ভকত ভাগিন আজি পুৱা ৰাওনা হ’ল মাজুলীলৈ। নিশা কলাক্ষেত্রত কটাই আজি ৰাওনা ৪৭টি ভকত ভাগিনৰ।
মুখ্যমন্ত্ৰীৰ ঘৰত নৈশ আহাৰ গ্ৰহণ কৰিলে ভাগিনসকলে। মামাৰ সৈতে একেলগে নিশাৰ আহাৰ গ্ৰহণ ভাগিনৰ।
নিশাৰ সাজত সৰিয়হ দিয়া পাভ মাছৰ জোল, আৰি মাছৰ টেঙা ,ফুলকবিৰ তৰকাৰীৰ লগত ভকুৱা মাছ, সৰু আলু ভাজি, আলু পিটিকা, বেঙেনা ফ্ৰাই, দাইল, কলপাতত দিয়া আৰি মাছ, চালাদৰ লগতে মিঠাইৰে ভাগিনসকলক আপ্যায়ন কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে।
মুখ্যমন্ত্ৰীৰ নিমন্ত্ৰণক্ৰমে মাজুলীৰ পৰা আহিছিল ৪৭ ভাগিন। মুখ্যমন্ত্ৰীৰ বাসগৃহত সত্ৰীয়া নৃত্য পৰিৱেশন কৰে ভাগিনসকলে।
মুখ্যমন্ত্ৰীৰ ঘৰত নৈশআহাৰ গ্ৰহণ কৰি মামাৰ সৈতে কথা বতৰাত ভাগিনসকলে এৰোপ্লনত উঠাৰ সপোনৰ কথাও ক’লে।
মামাইও জনালে এইবাৰ মামাই মাজুলী গ’লে ভাগিনক হেলিকপ্তাৰত উঠাব । মামাৰ সন্মুখত মামাৰ মিমিক্ৰী ভাগিনৰ।অহা ফ্ৰেব্ৰুৱাৰীত ভাগিনৰ সৈতে মাজুলীত হ’ব লগীয়া ভাওনা চাবলৈ মামাক নিমন্ত্ৰণ জনালে ভাগিন হতে।