তিনিচুকীয়া – দীপাঞ্জলি কাকতিৰ জামিন নাকচ কৰিলে তিনিচুকীয়া চেচন আদালতে। মঙলাবাৰে তিনিচুকীয়া চেচন আদালতে বিজেপি নেত্ৰী গৰাকীৰ জামিন নাকচ কৰে। আৰক্ষীক প্ৰহাৰ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ হৈছিল দীপাঞ্জলি কাকতি। কাকপথাৰৰ পৰা তিনিচুকীয়া আৰক্ষীয়ে যোৱা ২৭ ফেব্ৰুৱাৰীত গ্ৰেপ্তাৰ কৰিছিল বিজেপি নেত্ৰী দীপাঞ্জলি কাকতিক।
২০২০ চনৰ ৮ ডিচেম্বৰ তাৰিখে তিনিচুকীয়া জিলাৰ কাকপথাৰত কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰ কৰাৰ অপৰাধৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল দীপাঞ্জলি কাকতি। জামিনৰ বাবে আবেদন কৰা দীপাঞ্জলি কাকতিৰ জামিন আবেদন মঙলাবাৰে তিনিচুকীয়া আৰক্ষীয়ে নাকচ কৰে।
আৰক্ষীক প্ৰহাৰ কৰাৰ পিছৰে পৰা পলাতক অৱস্থাত আছিল যদিও যোৱা ২৭ ফেব্ৰুৱাৰীত তিনিচুকীয়া আৰক্ষীয়ে কাকপথাৰৰ পৰা গ্ৰেপ্তাৰ কৰিছিল দীপাঞ্জলি কাকতিক৷ কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰ কৰাৰ বাবে দীপাঞ্জলি কাকতিৰ বিৰুদ্ধে কাকপথাৰ থানাত ৰুজু কৰা হৈছিল গোচৰ ৷ ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত দীপাঞ্জলি কাকতিৰ বিৰুদ্ধে ২৯৪, ৪৪৮, ৩৩২, ১৪৭ নং ধাৰাত চাৰিটাকৈ গোচৰ ৰুজু কৰা হৈছিল।