নিউজ ডেস্ক: অহা ২৮ এপ্ৰিল তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুৱা ১০.৩০ বজাত তেওঁৰ বাসগৃহৰ পৰা সমগ্ৰ দেশত ৯১ টা ১০০ ৱাট এফএম ট্ৰেঞ্চমিটাৰ উদ্বোধন কৰিব। ইয়াৰ লগতে ডিফুবাসীৰ দীৰ্ঘ প্ৰতীক্ষিত সপোনো পূৰণ হ’ব ৷  এই অনুষ্ঠানটো উদযাপন কৰিবলৈ ডিফু আকাশবাণীৰ চৌহদত এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইয়াৰ জৰিয়তে কাৰ্বি আংলং পাহাৰ অঞ্চলৰ ই প্ৰথমটো এফএম ট্ৰেঞ্চমিটাৰ হোৱাৰ পথত আগবাঢ়িছে।

উদ্বোধনৰ সময়ত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰী তুলিৰাম ৰংহাং  এআইআৰ ডিফুত উপস্থিত থকাৰ সম্ভাৱনা আছে। মাননীয় সংসদ সদস্য শ্ৰী হৰেণ সিং বেয়ো অনুষ্ঠানটোত উপস্থিত থাকিব বুলি আশা কৰা হৈছে। অনুষ্ঠানটোত জ্যেষ্ঠ চৰকাৰী বিষয়া আৰু বিশিষ্ট ব্যক্তিসকলৰ উপৰিও অঞ্চলটোৰ পদ্মশ্ৰী বঁটা প্ৰাপ্ত শ্ৰী ধনেশ্বৰ ইংতিয়েও অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰিব। এই পৰিপ্ৰেক্ষিতত কাৰ্বি আংলঙৰ যুৱক-যুৱতীসকলৰ মাজত এক অভূতপূৰ্ব উৎসাহে দেখা দিছে ৷

এই ট্ৰেঞ্চমিটাৰটো এফএম ফ্ৰিকুৱেঞ্চী ১০০.১ মেগাহাৰ্জত উপলব্ধ হ’ব আৰু জনসাধাৰণৰ বাবে মনোৰঞ্জন তথা শিক্ষাৰ বিভিন্ন কাৰ্যসূচীৰ সম্প্ৰচাৰ কৰিব। ১০০ ডব্লিউ ট্ৰেঞ্চমিটাৰটোৱে প্ৰায় ৪০০ বৰ্গ কিলোমিটাৰ এলেকা সামৰি ল’ব  বুলি আশা কৰা হৈছে আৰু ইয়াৰ দ্বাৰা চহৰ তথা নিকটৱৰ্তী গাওঁবোৰৰ হাজাৰ হাজাৰ শ্ৰোতা উপকৃত হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply