ডিফুঃ মানুহক জীৱ শ্ৰেষ্ঠ বুলি গণ্য কৰা হয়। কিন্তু কিছুমান মানুহৰ অমানৱীয়তাৰ বলি হ’ব লগা হয় নৱজাতক শিশু।
ডিফুৰ পুৰণি লতিকা চিনেমা হলৰ কাষৰ ডিফু নদীত নৱজাতক শিশুৰ মৃতদেহ উদ্ধাৰ।
লগতে পঢ়কঃধীৰেণপাৰা ডকাইটিকাণ্ডৰ মাষ্টাৰমাইণ্ড গ্ৰেপ্তাৰ
নবজাতকটিৰ মৃতদেহ নদীত উটি অহা প্রত্যক্ষ কৰে স্থানীয় লোকে। কাৰোবাৰ অবৈধ সম্পৰ্কৰ ফলত জন্ম গ্ৰহণ কৰাৰ ফলত কালিমা ঢাকিবলৈ নবজাতকটিক এইদৰে নদীত উটুৱাই দিয়াৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে।