ডিফুঃ ডিফুৰ ডিপিচি কলনিত কুকি জনগোষ্ঠীৰ চভাং কুট উৎসৱ পালন। প্ৰত্যেক বছৰে নৱেম্বৰৰ ১ তাৰিখে খেতি চপোৱাৰ আগে অগে কুকি সকলে এই উৎসৱ পালন কৰে।
পৰম্পৰাগত পোছাক পৰিধান কৰি পৰম্পৰাগত নৃত্য গীতৰ মাজেৰে কুকিসকলে এই উৎসৱটি উদযাপন কৰে।
চভাং কূট উৎসৱৰ জৰিয়তে কুকিসকলে ঈশ্বৰে তেওঁলোকৰ বাবে খাদ্য শস্য উৎপাদন কৰি দিয়াৰ বাবে ধন্যবাদ জনায়। উক্ত অনুষ্ঠানটোৰ মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে অৱসৰ প্ৰাপ্ত শ্ৰম বিষয়া টিকে লহজেন, কাৰ্বি ছাত্র সন্থাৰ সভাপতি থাংছিং তিমুং ,কে ডব্লইউৰ সম্পাদিকা নানচি টাবইকে ধৰি বহু কেইগৰাকী গণ্যমান্য ব্যক্তি।