ডিফু: কাৰ্বি ফাৰ্মাছ এছ’চিয়েচন চমুকৈ কে এফ এ আজি ত্রিপাক্ষিক শান্তি চুক্তি সন্দৰ্ভত ডিফুত এখন সংবাদ মেল সম্বোধন কৰে ।

সংগঠনটোৰ সম্পাদক জিত তিমুঙে  শান্তি চুক্তিক আদৰণি জনাই যদিও চুক্তিত উল্লেখ থকা কাৰ্বি স্বায়ত্ব পৰিষদৰ ১০ খন মুকলি আসনৰ বিষয়টো উল্লেখ কৰি কয় যে পৰিষদৰ ১০ আসনত এছ টি সকলৰ উপৰিও সকলো শ্ৰেণীয়ে নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰিব। ইয়াৰ ফলত সকলোকে কাৰ্বি আংলঙত ভূমিৰ অধিকাৰ দিব লাগিব। এই কথা কাৰ্বি আংলঙৰ বহু দিনীয়া সংগ্ৰামৰ পৰিপন্থী বুলি তিমুঙে উল্লেখ কৰে।

চুক্তিৰ দ্বাৰা ষষ্ঠ অনুসূচীক হত্যা কৰা হল বুলি তেওঁ মন্তব্য কৰি হত্যাকাৰী হিচাপে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু টীম কাৰ্বি আংলঙক চিহ্নিত কৰে।

লগতে পঢ়কঃহাইলাকান্দিৰ ৰাজপথত উত্তাল প্ৰতিবাদ

চুক্তি বিৰোধী ২৪ সংগঠনৰ আন নেতা সকলক বাদ দি কে এফ এ-ৰ সভাপতি অভিনাশ ৰংহাঙক কিয় অকলে জেললৈ পঠোৱা হল বুলি প্ৰশ্ন তোলে । তুলিৰাম ৰংহাং আইন বিষয়ত অজ্ঞ হৈ আছে বুলি তিমুঙে মন্তব্য কৰি তেওঁক আইন অধ্যয়ন কৰিবলৈ আহ্বান জনায় |

ব্যক্তিগত শত্ৰুতাৰ বাবেই কে এফ এ সভাপতিক গ্ৰেপ্তাৰ কৰোৱাইছে বুলি সংবাদমেলত মন্তব্য কৰে সম্পাদক জিত তিমুঙে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply