ডিফুঃ সুৰাপায়ী সকলে সুৰা ক্ৰয় কৰিবলৈ যাওঁতে এতিয়াৰ পৰা হওক সাৱধান৷ কিয়নো আপুনি ক্ৰয় কৰা সুৰাৰ বটলত ওলাল ভেঁকুৰ ।

পাৰ্বত্য চহৰ ডিফুত সংঘটিত হৈছে এনে ঘটনা। গ্ৰাহকে ক্ৰয় কৰা DS ব্লেকৰ বটলত ওলাল ভেঁকুৰ৷ যাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে চহৰখনত৷

লগতে পঢ়কঃসদৌ অসম যাত্ৰা প্ৰযোজক সন্থাৰ সংবাদমেল

সুৰাৰ বটলত স্বাস্থ্য সম্পৰ্কীয় নিৰ্দেশনা লিপিবদ্ধ হৈয়ে থাকে যে স্বাস্থ্যৰ বাবে সুৰা হানিকাৰক ৷ এতিয়া ভূতৰ ওপৰত দানহ পৰাৰ দৰে এই সুৰাৰ বটলত ওলাইছে বৰবিহ জাতীয় ‘ভেঁকুৰ’৷

গতিকে সুৰাপায়ী সকলে সুৰা ক্ৰয় কৰিবলৈ যাওতে সাৱধান হওক ৷ নহ’লে আপুনি অলক্ষিতে সেৱন কৰিব পাৰে ভেঁকুৰযুক্ত সুৰা ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply