ডিফুঃ ডিফুৰ ৰংবাং গাঁৱত নৃশংস হত্যাকাণ্ড। তিনিজন অচিনাক্ত লোকে ৭৫ বছৰীয়া বৃদ্ধ মনিচান্দ্ৰ বে ওৰফে লোঁচে বে ক ঘৰৰ পৰা মাতি নি নিৰ্মম ভাবে হত্যা কৰে।

বৃদ্ধগৰাকীৰ পুত্ৰ সোণাৰাম বেৰ ভাষ্য মতে ১৮ অক্টোবৰৰ নিশা প্ৰায় ৯ বাজি৩০মিনিটত তেওঁলোকৰ বাগিচাৰ পিছফালৰ প্ৰৱেশ দ্বাৰৰে মুখা পিন্ধা তিনিজন লোকে তেওঁৰ পিতৃক বাট দেখুৱাবৰ বাবে জোৰকৈ মাতি নিয়ে।

সোণাৰাম বে পিছে পিছে যাওঁতে মুখা পিন্ধা এজন লোকে তেওঁক ঘৰলৈ উভতি যাবলৈ ভাবুকি দিয়ে।

লগতে পঢ়কঃনগাৱৰ চাপৰমুখত ৮৫ লাখ মূল্যৰ হিৰ’ইনসহ ৪ জনক গ্ৰেপ্তাৰ

তেওঁ উভতি আহি গাঁৱৰ কেইগৰাকীমান লোকক লগতে লৈ পিতৃক বিচাৰি যায় যদিও পিতৃক বিচাৰি নাপাই ঘৰলৈ উভতি আহে। অৱশেষত ৰাতিপুৱা স্থানীয়লোকে মনিচান্দ্ৰ বেৰ মৃতদেহ প্ৰত্য়ক্ষ কৰি পৰিয়ালক খবৰ দিয়ে।

ঘটনাস্থলীত পৰিয়ালৰ লোক উপস্থিত হৈ আৰক্ষীক খবৰ দিয়ে। মৃতদেহটোৰ মূৰত আঘাতৰ চিন স্পষ্ট। পৰিয়ালৰ লোকে হত্যাকাণ্ড সন্দৰ্ভত আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে দুৰ্বৃত্তৰ সন্ধানত তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈকে কোনো সন্ধান লাভ কৰা নাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,491 other subscribers

Leave a comment

Leave a Reply