ডিফু: ডিফুত সংঘটিত হ’ল এক শিহৰণকাৰী দূৰ্ঘটনা ৷ খোৱাপানীৰ নাদৰ ভিতৰত আৱদ্ধ হৈ পৰিল দুই মিস্ত্ৰী ৷ ডিফু-লামডিং পথৰ ৰংপিৰবি বজাৰৰ কাষৰ বিৰেণচন বে’ৰ বাসগৃহত চাৰিজন মিস্ত্ৰীয়ে চাফা কৰিবলৈ নামি প্ৰায় ৫০ ফুট দ’ কুঁৱাটোৰ ভিতৰভাগ পৰিষ্কাৰ কৰিবলৈ প্ৰথমতে ৰামচিং ৰাজপুত নামৰ ব্যক্তিজন কুঁৱাৰ ভিতৰলৈ নামি যায় ৷
ভিতৰত নামি যোৱাৰ লগে লগে তেওঁ অক্সিজেনৰ অভাৱ অনুভৱ কৰে ৷ ৰামচিং ৰাজপুতৰ পৰা কোনো সঁহাৰি নাপাই প্ৰায় ৫৫ বছৰীয়া বিজয় কুমাৰো নামি প্ৰথমজনৰ দৰে আৱদ্ধ হৈ পৰে ৷ লগে লগে সহায়ক যোগালী সকলে হূলস্থুল কৰিবলৈ ধৰাত স্থানীয় লোক উক্ত স্থানত ভিৰ কৰে ৷
আৰক্ষীক ঘটনাৰ খবৰ দিয়াত ডিফু অগ্নি নিৰ্বাপক বাহিনীৰ ভাৰপ্ৰাপ্ত বিষয়া বিদ্যাচিং বে’ আৰু ডিফু থানাৰ উপপৰিদৰ্শক ছামছুদ্দিন আহমেদৰ নেতৃত্বত এটা অভিযানকাৰী দলে ঘটনাস্থলীত উপস্থিত হয় ৷ প্ৰথমতে এজনলোকৰ মাত-বোল বন্ধ হোৱাকলৈ তেওঁৰ মৃত্যু হোৱা বুলি সকলোৱে ভাৱিছিল ৷
অভিযানকাৰী দলটোৱে কুঁৱাটোৰ ভিতৰত প্লাষ্টিকৰ পাইপেৰে অক্সিজেনৰ যোগান ধৰি আৱদ্ধ হোৱা লোক কেইজনক জীয়াই থকাৰ শক্তি প্ৰদান কৰিছিল অৱশেষত অগ্নিনিৰ্বাপক বাহিনীয়ে অনা জখলা কুঁৱাৰ ভিতৰত নমাই দিয়াত লোক দুজন জীৱন্তে জখলা বগাই ওপৰলৈ উঠি অহাত দুঘণ্টাজোৰা ৰুদ্ধশ্বাস অভিযানৰ অন্ত পৰে ৷ দুয়োজনকে ১০৮ সেৱাৰ জৰিয়তে উন্নত চিকিৎসাৰ বাবে স্থানীয় ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পাতাললৈ প্ৰেৰণ কৰা হয় ৷