নিউজ ডেস্কঃ অসমত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। কাৰ্বি আংলঙৰ লংৰিথেপিত অনুষ্ঠিত বিশাল জনসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণ। মোদীৰ লগতে আছে অসমৰ মুখ্যমন্ত্ৰী -ৰাজ্যপাল। ১লাখ ৰাষ্ট্ৰীয় পতাকাৰে মোদীক আদৰণি জনালে ডিফু বাসীয়ে। ডিমাপুৰৰ পৰা হেলিকপ্টাৰেৰে ডিফুলৈ আহিল প্ৰধানমন্ত্ৰী মোদী। আজি ৭খনকৈ কৰ্কট ৰোগৰ চিকিৎসালয়ৰ শুভ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে। মাঞ্জাত ২২০ কোটি টকা ব্যয়ৰে পশু চিকিৎসালয় আধাৰশিলা স্থাপন কৰিব মোদীয়ে। ৪৩কোটি টকা ব্যয় সাপেক্ষে ওমপানাইত আদৰ্শ চৰকাৰী মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপনৰ লগতে পশ্চিম কাৰ্বি আংলঙৰ কলঙাত কৃষি মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে। ২৯৮৫টা অমৃত সৰোবৰৰ আধাৰশিলাও স্থাপন কৰিব মোদীয়ে। মোদীৰ জনসভাত প্ৰায় ৪লাখ লোকৰ সমাগম।
ডিফুৰ পৰা ডিমাপুৰ হৈ দিনৰ প্ৰায় ২বজাত প্ৰধানমন্ত্ৰী যাব ডিব্ৰুগড়লৈ। ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত কৰ্কট কেন্দ্ৰ উদ্ধোধন কৰিব প্ৰধানমন্ত্ৰীয়ে। ডিব্ৰুগড়ত নিৰ্মাণ সম্পূৰ্ণ ৩০০খন বিচনাযুক্ত কৰ্কট ৰোগৰ হস্পিতাল। যোৰহাট, তেজপুৰ, দৰঙতো সম্পূৰ্ণ হৈছে কৰ্কট ৰোগৰ চিকিৎসালয়। লখিমপুৰ, বৰপেটা, কোকৰাঝাৰতো নিৰ্মাণ সম্পূৰ্ণ হ’ল চিকিৎসালয়। ডিব্ৰুগড়ৰ পৰাই ভাৰ্ছুৱেলী মুকলি কৰিব আন ৭খন কৰ্কট ৰোগৰ চিকিৎসালয়। প্ৰধানমন্ত্ৰীৰ সভালৈ মানুহ আনিবলৈ ব্যৱস্থা কৰা হৈছে ১৫ হাজাৰ বাহনৰ । ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ পৰা খনিকৰ পথাৰলৈ নিৰাপত্তাৰ দিশ তদাৰক কৰিছে বিশেষ সুৰক্ষা গোটে (Special Protection Group)। বিভিন্ন জিলাৰ পৰা নিৰাপত্তাৰ বাবে মোতায়েন কৰা হৈছে ২৫০০ জোৱান। খনিকৰ পথাৰত সাজু কৰা হৈছে ৫টাকৈ বৃহত্ মণ্ডপ। ৩হাজাৰ ঢুলীয়া-নাচনীয়ে আদৰণি জনাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক।
লগতে পঢ়কঃকাইলৈ অসমত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোডী, ডিফুৰ অনুষ্ঠানস্থলী পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ