ডিফুঃ সমগ্ৰ দেশৰ লগত সংগতি ৰাখি কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুতো দৰিদ্ৰ সীমা ৰেখাৰ তলৰ লোকৰ মাজত বিনামূলীয়া চাউল বিতৰণ কৰা হয় ৷

ডিফুস্থিত ডিফু সমবায় সমিতি সমূহৰ পাইকাৰী বিক্ৰী কেন্দ্ৰত আয়োজিত বিতৰণী অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে দৰিদ্ৰ সীমাৰেখাৰ তলৰ হিতাধিকাৰীৰ মাজত চৰকাৰৰ তৰফৰ পৰা যোগান ধৰা প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী ফটো সম্বলিত এক বিশেষ মোনাৰ জৰিয়তে বিনামুলীয়া চাউল আনুষ্ঠানিক বিতৰণৰ শুভ উদ্ধোধন কৰে৷

সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত মুখ্যকাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দুখীয়া-দৰিদ্ৰ সকলৰ সমস্যা সমাধানৰ স্বাৰ্থত বাজেটত ১ লাখ ৭০ হাজাৰ কোটি ধাৰ্য কৰিছে ৷ প্ৰধান মন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনা আঁচনিৰ অধীনত প্ৰতিটো দৰিদ্ৰ পৰিয়ালক বিনামূলীয়া চাউল প্ৰদান কৰা হ’ব ৷

লগতে পঢ়কঃতুম্প্ৰেং-হোজাই পথৰ কাষত এফ চি আইৰ ৭ বস্তা চাউল উদ্ধাৰ

আনহাতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মনোনীত সদস্য অজিত দে’ই সাংবাদিকৰ আগত কয় যে, জনপ্ৰিয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মহামাৰী সদৃশ ক’ভিডৰ প্ৰকোপত পৰি বিধ্বস্ত হৈ পৰা দৰিদ্ৰ সকলক আৰম্ভণিৰ পৰাই বিনামূলীয়া চাউল, দাইল, তেল আদি বিতৰণ কৰি সকাহ দি আহিছে ৷

চলিত বৰ্ষতো ক’ভিডৰ দ্বিতীয় লহৰতো প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনাৰ অধীনত প্ৰতিটো দৰিদ্ৰ সীমা ৰেখাৰ তলৰ হিতাধিকাৰীক ৫ কেজিকৈ চাউল অতিৰিক্ত বিতৰণ কৰা হৈছে ৷ লগতে দৰিদ্ৰ পৰিয়ালক প্লাষ্টিক বৰ্জন কৰিবলৈ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ ফটো সম্বলিত এক বিশেষ মোনাও প্ৰদান কৰা হৈছে ৷

এই আনুষ্ঠানিক বিতৰণী সভাত পূব কাৰ্বি আংলং বিজেপিৰ সভাপতি ধনছিং টেৰণ, বিধায়ক বিদ্যাছিং ইংলেঙ, ইএম ৰতন টেৰণৰ লগতে কেইবাগৰাকী ইএম এমএচি আৰু বিষয়া -কৰ্মকৰ্তা উপস্থিত থাকে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,545 other subscribers

Leave a comment

Leave a Reply