ডিফুঃ ডিফুৰ বাৰ কিলোত চোৰাং কাঠ উদ্ধাৰ। কাৰ্বিআংলঙত বিভিন্ন সংগঠন সমূহে বিভিন্ন কাৰ্যসূচীৰ শুভাৰম্ভ কৰি গছ পুলি ৰূপণ কৰা দেখা গৈছে কিন্তু জিলাখনৰ একাংশ লোকে চোৰাংকৈ বন বিভাগৰ সংৰক্ষিত বনাঞ্চলৰ মূল্যৱান গছ- গছনি কাটি তহিলং কৰি পেলাইছে।
ডিফুৰ পৰা বাৰ কিলোমিটাৰ নিলগৰ বাৰ কিলো নামৰ বনাঞ্চলত চোৰাং কৈ চেগুন গছ কাটি ট্ৰাকেৰে কঢ়িয়াওতেই বন বিভাগৰ লোক উপস্থিত হয়। বনবিভাগৰ লোক অহাৰ উমান পাইয়েই পলায়ন কৰে চোৰাং কাঠ ব্যৱসায়ী। বনবিভাগে চোৰাং কাঠসহ ট্ৰাকখন জব্দ কৰি ডিফু চেন্ট্ৰেল ৰেঞ্জ বন বিভাগৰ কাৰ্যালয়লৈ লৈ আহে।
লগতে পঢ়কঃনুমলীগড়ৰ সমীপৰ মৰঙীত বিদ্যুৎ স্পৃষ্ট হৈ বন্যহস্তীৰ মৃত্যু