তেজপুৰঃ ৰাজ্যৰ পৰিৱৰ্তনকামী চৰকাৰে উন্নয়নৰ ঢাকঢোল বজাই আহিলেও এতিয়াও অনুন্নত হৈয়েই আছে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ বাট-পথ।
তেজপুৰ চহৰৰ নিকটৱৰ্তী ডিপোটা অঞ্চলৰ এটি বিধ্বস্ত, জৰাজীৰ্ণ পথটিৰেই বছৰ বছৰ ধৰি আহ যাহ কৰি যমৰ যাতনা ভূগি আহিছে ৰাইজে।
প্ৰায় তিনিশ ঘৰ লোকে প্ৰতিটো মুহূৰ্ততে অহা যোৱা কৰিব লগা ডিপোটা উহনি পথাৰ গাঁৱৰ এই পথটো বৃটিছৰ দিনতেই নিৰ্মিত যদিও আজিলৈকে ইয়াৰ কোনো ধৰণৰ উন্নতি নহ’ল।
আৰু পঢ়কঃজামুগুৰিহাটত চেনিটাইজেচন কাৰ্যসূচী
সম্পূৰ্ণ বাৰিষা নৌহওঁতেই এই পথটোক একাঠু লৈ বোকা। ইখনৰ পিছত সিখনকৈ চৰকাৰ অহাৰ পিছতো আজিলৈ কোনোধৰণৰ উন্নতি নহ’ল এই পথটোৰ।
এই বোকাময় পথটিৰেই বছৰ বছৰ ধৰি অহা যোৱা কৰি দুৰ্ভোগ ভুগি থকা ৰাইজৰ আশা এইবাৰ নতুন চৰকাৰে নিশ্চয় এই পথটিলৈ চকু দিব । পথটিৰ উন্নয়নৰ বাবে যথোচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান স্থানীয় ৰাইজৰ।