গুৱাহাটীঃ আজি ৰাজ্যত ৮ ঘণ্টাৰ ভিতৰত জোকাৰি যায় ১০টাকৈ ভূমিকম্পই।
সমগ্ৰ ৰাজ্যবাসীয়ে ভূমিকম্পৰ আতংকত ত্ৰস্তমান ।
আজি জন সাধাৰণৰ সুবিধাৰ্থে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে মুকলি কৰিছে তিনিটা জৰুৰীকালীন টোল ফ্ৰী নম্বৰ ।
এই ধৰণৰ দুৰ্যোগৰ সময়ত বিশেষ সহায়ৰ বাবে ১০৭০ আৰু ১০৭৯ নম্বৰৰ জৰিয়তে ৰাজ্যিক জৰুৰীকালীন নিয়ন্ত্ৰণ কক্ষৰ সৈতে যোগাযোগ কৰিব পাৰিব ।
লগতে ১০৭৭ নম্বৰত ফোন কৰি জিলা জৰুৰীকালীন নিয়ন্ত্ৰণ কক্ষৰ সৈতে যোগাযোগ কৰিব পাৰিব সাধাৰণ লোকে ।
এই ফোন নম্বৰৰ জৰিয়তে বিভাগীয় কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি ভূমিকম্পৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বিষয়ে ৰাইজে জনাব পাৰিব।
বুধবাৰে পুৱা ৭.৫০ মিনিটত আৰম্ভ হয় প্ৰথমটো বৃহৎ জোকাৰণি। ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি ।
ভূমিকম্পৰ পিছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গৃহমন্ত্ৰী, বিত্তমন্ত্ৰী, মুখ্যমন্ত্ৰীৰ সৈতে টেলিফোনৰে ৰাজ্যৰ শেহতীয়া পৰিস্থিতিক লৈ আলোচনা কৰে।
এই ক্ষেত্ৰত কেন্দ্ৰই সকলো ধৰনৰ সাহাৰ্য আগবঢ়োৱাৰ আশ্বাস দিছে ।
ভূমিকম্পৰ অভিকেন্দ্ৰ ঢেকীয়াজুলিলৈ গৈ পৰিস্থিতিৰ বুজ লয় মুখ্যমন্ত্ৰীয়ে । যাত্ৰা পথত চিৰাজুলি আদৰ্শ চিকিৎসালয় পৰিদৰ্শন কৰি ভূমিকম্পৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ খতিয়ান লয়।