মৰিগাঁওঃ ”অভাৱেই আৱিস্কাৰৰ মূল ” এই কথাষাৰি যেন পুনৰাই প্ৰমাণিত হ’ল। মৰিগাঁৱৰ দীঘলবৰীৰ এজন কৃষকে আৱিস্কাৰ কৰিলে এবিধ বিশেষ যন্ত্ৰ। কৃষক গৰাকীৰ নাম উদ্ধৱ দেউৰী। 

ইয়াৰ পূৰ্বে উদ্ধৱ দেউৰীয়ে মাকৈ-বীজ ৰোপণ আৰু কঠিয়া ৰোপণ কৰিব পৰাকৈ ঘৰতে দুটা যন্ত্ৰ আৱিস্কাৰ কৰিছিল। 

এই পদ্ধতিৰে সফল হৈছিল উদ্ভাৱক উদ্ধব দেউৰী। তেওঁ আৱিস্কাৰ কৰা পদ্ধতিৰে খেতি কৰিবলৈ খৰছ আৰু মানুহ দুয়োটাৰে প্ৰয়োজন কমিছিল।

লখিমপুৰৰ বিজ্ঞানী তথা উদ্ভাৱক উদ্ধৱ ভৰালীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ উদ্ধব দেউৰীয়েও নিজস্ব চিন্তা-চৰ্চাৰে এই কৰ্মত আগবাঢ়ে।

এইবাৰ উদ্ধব দেউৰীয়ে উদ্ভাৱন কৰিলে এবিধ বিশেষ যন্ত্ৰ। এই যন্ত্ৰই চৰাই-চিৰিকটিৰ পৰা ৰক্ষা কৰিছে ধান। বায়ুকল নামেৰে নামাকৰণ কৰা যন্ত্ৰই পথাৰত মানুহ নোহোৱাকৈ খেদিব পাৰে শস্য নষ্ট কৰা চৰাই।

লগতে পঢ়কঃনিমাতীঘাটৰ দুৰ্ঘটনাৰ পিছতহে পৰিৱৰ্তন আহিল মাজুলীৰ জল পৰিবহণ ব্যৱস্থাৰ

ঘৰতে থকা পুৰণি ফেনৰ পাংখা আৰু এখন পুৰণি প্লেট ব্যৱহাৰ কৰি সাজি উলিয়াইছে এই বায়ু বেল।

যিকোনো দিশৰ পৰা অহা বতাহত ঘূৰিব এই পাংখা কেইখন আৰু পাংখা ঘূৰিলেই প্লেটত টং টং টং কৈ শব্দ হ’ব পৰাকৈ তৈয়াৰ কৰা হৈছে বায়ু বেল।

এই শব্দ হোৱাৰ ফলত পথাৰত চৰাই চিৰিকটি নপৰে আৰু শস্য নষ্ট নকৰে। বতাহ নোহোৱাৰ সময়ত ঘূৰিব পৰাকৈ চলাৰ প্লেট ব্যৱহাৰ কৰিছে এই বায়ু বেলত।

পৰৱৰ্তী সময়ত এই বতাহত চলা পাংখাৰ জৰিয়তে ভূ -গৰ্ভৰ পানী উলিয়াব পৰা যন্ত্ৰ আৱিস্কাৰ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে উদ্ভাৱক কৃষক উদ্ধব দেউৰীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,545 other subscribers

Leave a comment

Leave a Reply