নিউজ ডেস্ক: পুনৰ মন্ত্ৰী কেশৱ মহন্তৰ স্বাস্থ্য বিভাগৰ লিখিত পৰীক্ষাৰ ফলাফলত বিসংগতি। স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ দৰে তৃতীয় বৰ্গৰ লিখিত পৰীক্ষাটো ফলাফলৰ তালিকাত দেখা গৈছে যে একেজন প্রার্থীয়ে এটা বা দুটা নহয় সৰ্বমুঠ ২১ টাকৈ পদত হৈছে উত্তীর্ণ।

জানিব পৰা অনুসৰি, স্বাস্থ্য বিভাগৰ তৃতীয় বৰ্গৰ লিখিত পৰীক্ষাৰ ২১৩০৮০৫৩ ৰোল নম্বৰটোৱে মুঠ ২১ টাকৈ পদৰ বাবে নিৰ্বাচিত হৈছে। এই পদসমূহ হৈছে— একাউণ্ট এছিছটেণ্ট, বেছিক হেলথ্ ৱৰ্কাৰ, ক্লার্ক কাম ৰেকৰ্ড কীপাৰ, কমপাই লাৰ, কম্পিউটাৰ অপাৰেটৰ, কম্পিউটাৰ, গেছ মেন, হেলথ্ এডুকেট, জুনিয়ৰ এছিছটেণ্ট, এল ডি এ, এল ডি এ কাম ষ্ট’ৰ কীপাৰ, এল ডি এ কাম টাইপিষ্ট, লেপশ্রী ইনজেক্টৰ, লেপশ্ৰী ছ’চিয়েল ৱৰ্কাৰ, মেট্রন, মিউজিয়াম কীপাৰ, নন মেডিকেল এছিছটেণ্ট, ষ্ট’ৰ ক্লার্ক, টাইপিষ্ট কাম কম্পিউটাৰ অপাৰেটৰ, আৰবান লেপশ্ৰী ৱৰ্কাৰ আৰু বার্ডেন। ঠিক একেদৰে ২১৩০১৩৮৩ ৰোল নম্বৰটোও ১০/১২ টা পদৰ বাবে নিৰ্বাচিত হৈছে।

একেটা বিভাগতেই যেতিয়া চতুৰ্থ বিভাগৰ ফলাফল ঘোষণা কৰা হৈছিল তেতিয়াও একেজন প্রার্থীয়ে ৩১ টাপর্যন্ত ভিন্ন পদত উত্তীৰ্ণ হৈছিল।

স্বাস্থ্য বিভাগৰ অদক্ষ, অকর্মণ্য বিষয়াৰ কাণ্ডজ্ঞানহীন এনে কাণ্ড দেখি একাংশ নিবনুৱাৰ এতিয়া চকু কপালত তুলিছে।

এনে ঘটনা দেখি  কৃষক মুক্তি সংগ্রাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শ‍ইকীয়াই কয় — ‘সকলো জানি-বুজিও সংখ্যাৰ খেল দেখুৱাবলৈকে স্বাস্থ্য বিভাগে এই সমগ্র কাণ্ড সংঘটিত কৰিছে’।

ইফালে দলৰ নেতা ৰাছেল হুছেইনে কয় ‘গণি গণি এক লাখক চাকৰি দিম বুলি কৈছিল। দুবছৰ হ’ল, কিন্তু এক লাখ নিযুক্তি দিব নোৱাৰিলে। তদুপৰি এগৰাকী ব্যক্তিয়ে ৩১ টাপর্যন্ত পদত উত্তীৰ্ণ হৈছে। পৰিণতিত সমগ্র নিযুক্তি প্ৰক্ৰিয়াত অ’ভাৰলেপিং হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে’।

উল্লেখ্য যে, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ১১ মে’ ৫০,০০০ উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰিব। চৰকাৰে এতিয়া ১ লাখ নিযুক্তি সম্পন্ন এনেদৰেই কৰিব নেকি, য’ত এজন প্ৰাৰ্থীকেই বহু বহু পদত নিৰ্বাচিত কৰি।

লগতে পঢ়ক – সুৰাসক্ত অসম আৰক্ষীৰ ৩০০ জোৱানক প্ৰদান কৰা হ’ব VRS- হিমন্ত বিশ্ব শৰ্মা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply