গুৱাহাটী : গুৱাহাটী মহানগৰৰ উপকণ্ঠ অঞ্চলত অৱস্থিত দীপৰ বিলৰ সৌন্দৰ্যবৰ্ধনৰ জৰিয়তে অধিক পৰ্যটকক আকৰ্ষিত কৰাৰ বাবে পদক্ষেপ লোৱা হ’ব। বুধবাৰে সন্ধিয়া জনতা ভৱনত গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংঘালৰ চৰকাৰী কক্ষত দীপৰ বিলৰ সৌন্দৰ্য বৃদ্ধি সম্পৰ্কে আলোচনা কৰাৰ বাবে এক সভা অনুস্থিত হয়। মন্ত্ৰী সিংঘাল, পৰিৱেশ আৰু বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য, মুখ্য বন সংৰক্ষক (বন্যপ্ৰাণী), অমিত সাহাই, বন সংমণ্ডল বিষয়া, গুৱাহাটীৰ লগতে অন্যান্য বিষয়াসকলৰ উপস্থিতিত জলাহভূমিৰ কিছু অংশত পৰিলক্ষিত হোৱা পানী প্ৰদূষণ আৰু পেলনীয়া সামগ্ৰীৰ নিষ্কাষণৰ বিষয়ে আলোচনা কৰা হয়।

উক্ত সভাত জলাহভূমিৰ সংবেদনশীল পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি ৰেলপথটি পুন:স্থানান্তৰিত কৰাৰ বিষয়টো উত্থাপিত হয়। মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কয় যে তেওঁৰ বিভাগৰ পৰা ইতিমধ্যে জলাহভূমিৰ কাষেৰে পাৰ হৈ যোৱা ৰেলপথটোৰ ফলত শব্দ প্ৰদূষণ হয় আৰু পৰিভ্ৰমী চৰাইসমূহৰ বাবে সমস্যাৰ সৃষ্টি হয়, তাক স্থানান্তৰিত কৰাৰ বাবে ভাৰত চৰকাৰলৈ প্ৰস্তাৱ পঠোৱা হৈছে। এই অঞ্চলটি ইকো চেনচিটিভ অঞ্চল ঘোষণা হোৱাৰ পিছত ৰাষ্ট্ৰীয় গ্ৰীন ট্ৰিবিউনেল কৰ্তৃপক্ষৰ পৰা এইক্ষেত্ৰত অনুমতি পোৱা যাব।

লগতে পঢ়ক : ঐতিহ্যমণ্ডিত বহৰি সত্ৰক যিকোনো উপায়েৰে সুৰক্ষা দিয়াৰ প্ৰতিশ্ৰুতি মন্ত্ৰী পীযুষ হাজৰীকাৰ

পৰ্যটকসকলক আকৰ্ষণ কৰাৰ উদ্দেশ্যে ৰাস্তাৰ কাষে কাষে বাইচাইকেলৰ বাবে এক বিশেষ পথ নিৰ্মাণৰ বিষয়ে কৰ্তৃপক্ষই চিন্তা-চৰ্চা কৰি আছে।।গুৱাহাটী মহানগৰীৰ পৰা দক্ষিণ-পশ্চিম দিশত অৱস্থিত দীপৰ বিল হ’ল এক ৰামছাৰ স্থান, বৰ্ষজুৰি পানীৰে ভৰা এক জলাশয় আৰু ইয়াৰ জৈৱিক, পাৰিৱেশিক মূল্যৰ বাবে বিখ্যাত। ৪১৪ হেক্টৰ অঞ্চলজুৰি বিয়পি থকা এই জলাহভূমি এক পক্ষী অভয়াৰণ্য য’ত প্ৰায় ৭০ টা পৰিভ্ৰমী চৰাইৰ উপৰিও ২০০ প্ৰজাতিৰ চৰাইৰ বাসস্থান। হাতীসমূহৰ বাবেও এই জলাহভূমি এক প্ৰধান অহা-যোৱা কৰা বাট।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply