গোলকগঞ্জ : কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ সমাজ কল্যাণ বিভাগৰ কাৰ্য্যবাহী পাৰিষদ কৰ্তিক ৰায়ৰ উদ্যোগত ধুবুৰী জিলাৰ গোলকগঞ্জস্থিত চিলাৰায় মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত বিভিন্ন দল-সংগঠনৰ নেতা, বুদ্ধিজীৱি আৰু বিশিষ্ট ব্যাক্তি সকলকলৈ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়।
চিলাৰায় মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ সন্তোষ কুমাৰ সৰকাৰৰ সভাপতিত্বত অনুষ্ঠিত হয় গুৰুত্বপূৰ্ণ সভাখন। সভাত কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ সমাজ কল্যাণ বিভাগৰ কাম-কাজ, পৰিষদীয় সমষ্টি গঠন আৰু পৰিষদত গাঁও সমুহৰ নাম অন্তৰ্ভুক্ত কৰা বিষয়কলৈ আলোচনা কৰা হয়।
সভাত কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ সমাজ কল্যাণ বিভাগৰ কাৰ্য্যবাহী পাৰিষদ কৰ্তিক ৰায়, সাধাৰণ পাৰিষদদ্বয় ক্ৰমে উত্তম কুমাৰ প্ৰধানী আৰু মনোজ কুমাৰ ৰায়, চিলাৰায় মহাবিদ্যালয়ৰ অধ্যক্ষ ভাৰত ভূষণ মহান্তীৰ লগতে বিভিন্ন দল তথা ছাত্ৰ সংগঠনৰ নেতা , বুদ্ধীজীৱি আৰু বিশিষ্ঠ জ্যেষ্ঠ ব্যাক্তি সকল উপস্থিত থাকি বিভিন্ন ধৰণৰ পৰামৰ্শ আগবঢ়ায় ।