নিউজ ডেস্কঃ ৰে’ল বিভাগৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে বন বিভাগে। দৰাচলতে, এলিফেন্ট কৰিডৰকে হাতীসহ অন্য বন্যপ্ৰাণীৰ নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে ৰে’লৱে কৰ্তৃপক্ষক বৈদ্যুতিকৰণ আৰু ৰে’লপথৰ দ্বৈতকৰণৰ কাম দীপৰ বিলৰ পাৰত থকা অংশত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ নকৰালৈকে আৰম্ভ নকৰিবলৈ নিৰ্দেশ দিছিল। কিন্তু সেই নিৰ্দেশনা অমান্য কৰি ৰে’ল বিভাগে মইমতালিৰে এই কাম আৰম্ভ পুনৰ আৰম্ভ কৰিছে।
ইফালে, নেৰানেপেৰা বৰষুণৰ মাজতেই ৰে’লৱেই কাম আৰম্ভ কৰাৰ কথা জানিব পাৰি চকৰ্দৌত থকা বন বিভাগৰ বন্যপ্ৰাণী শাখাৰ অন্তৰ্গত দীপৰ বিল বন্যপ্ৰাণী বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ আঞ্চলিক বন বিষয়া ধৰ্মেশ্বৰ দলেৰ নেতৃত্বত এটা বনকৰ্মীৰ দল ঘটনাস্থলীত উপস্থিত হয়। বন বিষয়াগৰাকীয়ে ৰে’লৱে কৰ্তৃপক্ষক বৈদ্যুতিকৰণৰ কাম বন্ধ কৰিবলৈ আহ্বান জনায় যদিও ৰে’লৱে কৰ্তৃপক্ষই তেওঁলোকৰ লগত অনা এটা আৰপিএফ বাহিনীৰ সহায়ত তাত গাত খন্দা আৰু খুটা বহুওৱাকে ধৰি বৈদ্যুতিকৰণৰ কাম অব্যাহত ৰাখে।
অৱশেষত ৰে’লৱে তেওঁৰ কোনো কথা নুশুনাত যোৱাকালি ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ নিৰ্দেশনা উলংঘা কৰি কাম কৰি থকাৰ বাবে বিভাগীয় উৰ্ধতম কৰ্তৃপক্ষৰ পৰামৰ্শ অনুসৰি দীপৰ বিল বন্যপ্ৰাণী অভয়াৰণ্যৰ আঞ্চলিক বন বিষয়া ধৰ্মেশ্বৰ দলেই আজাৰা থানাত ৰে’লৱে কৰ্তৃপক্ষৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ। এই এজাহাৰ দাখিল কৰাৰ পাছতে আৰক্ষীৰ এটা দল উপস্থিত হয় ঘটনাস্থলীত। কিন্তু আৱেলি আন্ধাৰ নামি অহাত ৰে’লৱেৰ বিশাল দলটো উভতি যায়।
উল্লেখ কৰাৰ প্ৰয়োজন যে, Deepor Beel Railway Track Mitigation Plan, December 2021 অনুসৰি উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰাকৈ বৈদ্যুতিকৰণৰ কাম বন্ধ ৰাখিব লাগিব। কিয়নো ই বনৰীয়া হাতীৰ ক্ষতি সাধন কৰিব। লগতে Study to assess the Impact of powerlines on Avain species in and around Deepor Beel Ramsar Site, Assam (TR No 2021/12)ত উচ্চ ক্ষমতা যুক্ত বিদ্যুৎ পক্ষীকূলৰ কাৰণে ক্ষতিকাৰক বুলি বিবেচিত হৈছে।