নিউজ ডেস্কঃ প্ৰকাশ পালে দিছপুৰ কলেজৰ ধন হৰলুকি কৰাৰ প্ৰকৃত তথ্য। বেংকৰ প্ৰবন্ধকৰ ভুলৰ বাবেই মহাবিদ্যালয়খনৰ ৭৬ লাখ টকা হৰলুকি হৈছিল বুলি জানিব পৰা গৈছে।
ধন হৰলুকি হোৱাৰ সন্দৰ্ভত নিজৰ ভুল স্বীকাৰ কৰি লৈছে Bank of Barodaৰ দিছপুৰ শাখাৰ প্ৰবন্ধক ৰাজেশ কুমাৰ সিনহাই। উল্লেখ্য যে, দিছপুৰ কলেজৰ অধ্যক্ষ নৱজ্যোতি বৰাৰ গোচৰৰ ভিত্তিত দিছপুৰ আৰক্ষীয়ে চলাইছিল তদন্ত।
তাৰপাছত শুকুৰবাৰে আৰক্ষীয়ে প্ৰবন্ধক সিনহাৰ লগতে বেংকটোৰ আন কেইগৰাকীমান বিষয়াক সোধপোছ কৰিছিল। আৰু অৱশেষত সমগ্ৰ বিষয়ৰ আঁৰৰ ৰহস্য ফাদিল হৈ পৰে।
বেংকটোৰ শাখা প্ৰবন্ধক ৰাজেশ কুমাৰ সিনহা আৰু আন দুগৰাকী মহিলা বিষয়াই তেওঁলোকৰ ভুল ইতিমধ্যে স্বীকাৰ কৰিছে। বেংক বিষয়াৰ ভুলৰ বাবেই অজ্ঞাত লোকে সৰকাই নিবলৈ সক্ষম হ’ল দিছপুৰ মহাবিদ্যালয়ৰ একাউণ্টত থকা ৭৬ লাখকৈ টকা।
ইফালে, সমগ্ৰ ঘটনাৰ আঁৰৰ ৰহস্য পোহৰলৈ অহাৰ পাছত বেংক অৱ বৰোদাই সমূদায় ধন দিছপুৰ মহাবিদ্যালয়ক ঘূৰাই দিয়া হ’ব বুলি লিখিত পত্ৰ প্ৰদান কৰিছে। আনহাতে, এই সন্দৰ্ভত মহাবিদ্যালয়ৰ অধ্যক্ষ নৱজ্যোতি বৰাই অচিৰেই এই ধন হৰলুকি কাণ্ডৰ মূল মাষ্টাৰমাইণ্ড জালত পৰিব বুলি আশা প্ৰকাশ কৰিছে।