গুৱাহাটীঃ দিছপুৰ মহাবিদ্যালয়ত চুৰি হোৱা ধন উদ্ধাৰ। বৃহস্পতিবাৰে ৭৬ লাখ টকাৰো অধিক চুৰি হোৱা ধন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উক্ত ধনৰাশি চলিত বৰ্ষৰ এপ্ৰিলত কলেজৰ বেংক অফ বৰোদাৰ দিছপুৰ শাখা বেংক একাউণ্টৰ পৰা চুৰি হৈছিল। কলেজ কৰ্তৃপক্ষই তিনিটা কিস্তিত মুঠ ৭৬,৩৪,৯০০ টকা ঘূৰাই পাবলৈ সক্ষম হৈছে।

বিশেষ সূত্ৰযোগে জানিব পোৱা অনুসৰি, বেংক কৰ্তৃপক্ষৰ দায়িত্বহীনতাৰ বাবেই ঘটনাটো সংঘটিত হৈছিল। কিয়নো, গুৱাহাটীৰ দিছপুৰ মহাবিদ্যালয়ৰ বেংক একাউণ্ট চাইবাৰ অপৰাধীসকলে হেক কৰাৰ পূৰ্বেও অভিযোগ আছে।

চাইবাৰ চক্ৰই মহাবিদ্যালয়খনৰ বেংক একাউণ্টৰ পৰা ৭৬ লাখ টকাৰো অধিক ধনৰাশি চুৰি কৰিছিল। এপ্ৰিল মাহত সংঘটিত হোৱা এই বেংক একাউণ্ট লুটি লোৱা ঘটনাটো ২ মে’ত পোহৰলৈ আহিছিল।
বাতৰি অনুসৰি, ধনখিনি বেংক অফ বৰোদাৰ দিছপুৰ শাখাৰ পৰা পশ্চিম বংগৰ বৰনগৰ শাখাৰ ইউনিয়ন বেংক অফ ইণ্ডিয়ালৈ স্থানান্তৰ কৰা হৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply