নিউজ ডেস্ক– দিছপুৰ সমষ্টিত নিদৰ্লীয়ভাৱে নিৰ্বাচনত অৱৰ্তীণ নহয় জয়ন্ত কুমাৰ দাস।
টিকটৰ পৰা বঞ্চিত হোৱাৰ পাছত নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা কৈছিল
বিজেপি ৰাজ্যিক উপসভাপতিজনে ।
কিন্তু শেহতীয়াকৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি সহাঁৰি জনাই নিৰ্বাচন নেখেলাৰ কথা সদৰি কৰিছে দাসে। দলৰ স্বাৰ্থতে নিৰ্বাচনত অৱৰ্তীণ নহয় বুলি সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰিলে দাসে।
উল্লেখ্য যে, একাংশ সমৰ্থকে জয়ন্ত কুমাৰ দাসক নিৰ্দলীয়ভাৱে অতুল বৰাৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দাবী জনাইছিল।
অতুল বৰাই টিকট লাভ কৰাক কেন্দ্ৰ কৰি জয়ন্ত দাসৰ সমৰ্থকে পাতিছিল প্ৰতিবাদী সভা। দল ত্যাগ নকৰিলেও নিৰ্দলীয় ভাৱে খেলিব বুলি প্ৰকাশ কৰিছিল জয়ন্ত দাসে।
অতুল বৰাক এজন ব্যৰ্থ প্ৰাৰ্থী বুলি মুকলিকৈ প্ৰকাশ কৰিছিল |
দিছপুৰত প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত জয়ন্ত দাস সন্দৰ্ভত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য।
মন্ত্ৰী ড০ শৰ্মাই কয় যে জয়ন্ত দাস যোগ্য প্ৰাৰ্থী আছিল, কিন্তু জেষ্ঠতা আৰু অভিজ্ঞতাৰ ভিত্তিত দলে অতুল বৰাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। লগতে জয়ন্ত দাসে নিৰ্দলীয়কৈ নিৰ্বাচন নেখেলে আৰু দলো ত্যাগ নকৰে বুলিও মন্তব্য কৰে মন্ত্ৰী ড০ শৰ্মাই।