গুৱাহাটী : চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড স্থাপনকলৈ চন্দ্ৰপুৰবাসীৰ ধাৰাবাহিক প্ৰতিবাদ অব্যাহত থকাৰ মাজতে এইবাৰ দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাৰ বিৰোধ। ডাম্পিং গ্ৰাউণ্ড সন্দৰ্ভত দিছপুৰ সমষ্টিৰ বিধায়ক গৰাকীয়ে কয় যে মই চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ডৰ বিৰোধিতা কৰি আহিছো।
বিধায়ক অতুল বৰাই লগতে কয় “দেওবাৰে চন্দ্ৰপুৰৰ ডাম্পিং গ্ৰাউণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ লগত আলোচনা হৈছে। মই মুখ্যমন্ত্ৰীক কৈছো চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰা ১০০৭ বিঘা ভূমিৰ এফালে আছে পবিতৰা আৰু আনফালে আছে আমচাং অবন্যৰণ্য। এই ঠাইখিনি ডাম্পিং গ্ৰাউণ্ডৰ বাবে নহয় পৰ্যটকৰ বাবেহে ব্যৱহাৰ কৰিব লাগে।”
চন্দ্ৰপুৰত ডামিং গ্ৰাউণ্ড স্থাপন কৰিলে ডামিং গ্ৰাউণ্ডৰ আৱৰ্জনা কলাং নদী হৈ ব্ৰহ্মপুত্ৰত পৰিব বুলিও কয় বিধায়ক অতুল বৰাই। বিধায়ক গৰাকীয়ে লগতে কয় যে ডামিং গ্ৰাউণ্ড ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা আধা কিলোমিটাৰৰ ভিতৰত স্থাপন কৰিব লাগে। দহ বিঘা ভূমিত দকৈ গাত কৰি ডামিং গ্ৰাউণ্ড স্থাপন কৰিব লাগে বুলিও মন্তব্য কৰে অতুল বৰাই।
দিছপুৰ সমষ্টিৰ বিধায়ক গৰাকীয়ে বিকল্প ব্যৱস্থা গ্ৰহণ কৰি মুখ্যমন্ত্ৰীক অতি শীঘ্ৰে চন্দ্ৰপুৰৰ পৰা ডামিং গ্ৰাউণ্ড আঁতৰাই নিয়াৰ বাবে অনুৰোধ জনাইছে বুলিও জানিবলৈ দিয়ে। এই সন্দৰ্ভত বিধায়ক গৰাকীয়ে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ লগতো আলোচনা কৰিছে বুলি জানিবলৈ দিয়ে।
লগতে পঢ়ক : তেজপুৰৰ প্ৰকৃতিপ্ৰেমী তথা সৰ্পবন্ধু সৌৰভ বৰকটকীক বন বিভাগৰ উচ্চ পদস্থ বিষয়াৰ শলাগ
ইফালে কামৰূপ গ্ৰাম্য জিলাত ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰিব পৰা ঠাই নাই বুলিও জানিবলৈ দিয়ে দিছপুৰৰ বিধায়ক অতুল বৰাই। বিধায়ক গৰাকীয়ে ডাম্পিং গ্ৰাউণ্ডৰ বাবে উপায়ুক্তৰ লগত উপযুক্ত ভূমিৰ সন্ধানৰ সন্দৰ্ভতো আলোচনা কৰা বুলি জানিবলৈ দিয়ে।