নিউজ ডেস্ক : দিছপুৰৰ বিধায়ক অতুল বৰাৰ বিৰুদ্ধে বিষোদ্গাৰ প্ৰকাশ কৰিছে অসম-মেঘালয় সীমান্তৰ পিলাংকাটা অঞ্চলৰ একাংশ খাছি আৰু গাৰো লোকে। বিধায়ক গৰাকীয়ে পিলাংকাটা অসমৰ অধীনত পৰে কৰা দাবীত জাঙুৰ খাই উঠিছে অঞ্চলটোৰ সাধাৰণ ৰাইজ।
বৰাই এগাৰকী দণ্ডাধিশ আৰু অসম আৰক্ষীৰ এটা দলৰ সৈতে পিলাংকাটা অঞ্চল পৰিদৰ্শন কৰি সেই ঠাই অসমত পৰে আৰু মেঘালয়ে তাত বেদখল চলাই অহা বুলি মন্তব্য কৰা বুলি একাংশ স্থানীয় লোকে অভিযোগ কৰে।
এগৰাকী স্থানীয় লোকে, অসমেহে মেঘালয়ৰ মাটিত বেদখল চলাই অহা বুলি অভিযোগ কৰি যথেষ্ট সমস্যৰ সন্মুখীন সন্মুখীন হৈ অহা সত্ত্বেও মেঘালয় চৰকাৰে এই ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কাৰ নাই বুলি আক্ষেপ প্ৰকাশ কৰে।
সীমা সমস্যা সমাধানকলৈ চুবুৰীয়া ৰাজ্য দুখনৰ মাজত আলোচনা চলি থকাৰ সময়ত বৰাই কৰা এনে মন্তব্যই পৰিস্থিতি অধিক বেয়া কৰিব বুলি অঞ্চলটোৰ ৰাইজে কৈ তেওঁলোকে ইয়াৰ গৰিহনা দিয়ে।
Meghalaya People Social Organisation and Hynñiewtrep A’chik National Movement -নামৰ সংগঠন দুটাই পিলাংকাটা অঞ্চল ভ্ৰমণ কৰি গাঁওবাসীৰ প্ৰতি তেওঁলোকৰ সমৰ্থন আগবঢ়ায়। সংগঠন দুটাই অঞ্চলটোত মেঘালয় চৰকাৰক আৰক্ষী মোতায়েন কৰিবলৈ দাবী জনায়।
লগতে পঢ়ক : অসমত নৰবলিৰ চিকাৰ ৫ বছৰীয়া শিশু! তান্ত্ৰিকক গ্ৰেপ্তাৰ