গুৱাহাটী : দিছপুৰ আৰক্ষীৰ।সাফল্য। দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে এজন ডকাইতক। চাৰিজনীয়া ডকাইতৰ দলৰ এজন সদস্যক গ্ৰেপ্তাৰ কৰিলে দিছপুৰ আৰক্ষীয়ে। পিষ্টল দেখুৱাই ৪ লাখ টকা কাঢ়ি নিছিল ডকাইতৰ দলটোৱে।
দিছপুৰ আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই এজন ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীৰ অভিযানত জালত পৰা ডকাইতজনৰ নাম অমৰ গুৱালা। ডকাইতজন ঝাৰখণ্ডৰ বুলি জানিব পৰা গৈছে।
ঝাৰখণ্ডৰ পৰা অহা এটা চাৰিজনীয়া ইৰাণী গ্ৰুপৰ ডকাইতৰ দলে দুদিন পূৰ্বে পিষ্টল দেখুৱাই লুটি নিছিল ৪ লাখ টকা। গুৱাহাটী পৌৰ নিগমৰ কাৰ্যালয়ৰ পৰা চান্দমাৰীস্থিত এইচডিএফচি বেংকত টকা জমা দিবলৈ গৈ থকা এজন লোকৰ পৰা ডকাইতৰ দলটোৱে কাঢ়ি নিছিল টকাখিনি।
লগতে পঢ়ক : ভয়ংকৰ অগ্নিকাণ্ডত গৃহহীন হ’ল প্ৰায় ১৫০ জন লোক
ইৰাণী গ্রুপৰ ডকাইতৰ দলটোৱে চুপাৰমাৰ্কেট লাষ্টগেটত সংঘটিত কৰিছিল এই ডকাইতিকাণ্ড। চাৰিজনীয়া ডকাইতৰ দলটো দুখন বাইকত আহিছিল। এখন হিৰো গ্লেমাৰ আৰু হোণ্ডা হৰনেট বাইকত আহিছিল ডকাইতৰ দলটো। বাইক দুখন নম্বৰ প্লেট বিহীন আছিল। দলটোৰ তিনিজন সদস্য বৰ্তমানেও পলাতক অৱস্থাত আছে।