গুৱাহাটী : দিছপুৰ প্ৰেছ ক্লাবে আজি ক’ভিড অতিমাৰীৰ সময়ত মানৱ সেৱাৰ্থে অহোপুৰুষাৰ্থ কৰা ৰাজ্যৰ বহু বিশিষ্ট লোকক সন্মান জনায়। প্ৰেছ ক্লাবৰ সভাপতি নৰেন হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ধ্ৰুৱজ্যোতি বৰা, প্ৰাক্তন আৰক্ষী আয়ুক্ত প্ৰদীপ শালৈ, বিশিষ্ট সমাজকৰ্মী শংকৰ দাস, জ্যেষ্ঠ সাংবাদিক বৈকুন্ঠ গোস্বামী বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।

দিছপুৰ প্ৰেছ ক্লাবৰ তৰফৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডা: অচ্যুৎ চন্দ্ৰ বৈশ্য, অধীক্ষক ডা: অভিজিৎ শৰ্মা, নগৰ আৰু গাঁও পৰিকল্পনা অসমৰ মুখ্য অভিযন্তা দেৱজিৎ দাস, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুখ্য অভিযন্তা বিশ্বদ্বীপ দাস, কেমিষ্ট এণ্ড ড্ৰাগিষ্টছ এছ’চিয়েশ্যন অৱ আছামৰ সভাপতি এন এল আগৰৱাল আৰু জিতু বৰ্মন, সমাজকৰ্মী ৰবী চৌধুৰী, বিধানসভা স্বাস্থ্য কেন্দ্ৰৰ ভেষজ বিষয়া সুধীৰ চন্দ্ৰ সাহা, ডি চি পি শুভ্ৰজ্যোতি বৰা, সাংবাদিক পুলিন্দ্ৰ দেৱ শৰ্মা, কৌশিক কুমাৰ ডেকা, বলোৰাম দাস, জয়ন্ত কুমাৰ দাস, দিব্যজ্যোতি ৰাভা, সমাজকৰ্মী মুন আলী, বাতৰি বিতৰক ভৱেন বৰ্মন ক সম্বৰ্ধনা জনায়।

লগতে পঢ়ক : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ বিভিন্ন শিক্ষানুষ্ঠানত শিক্ষক দিৱস পালন

সম্বৰ্ধনা গ্ৰহণ কৰি ডা: অচ্যুৎ বৈশ্যই কয় যে চিকিৎসকৰো এখন হৃদয় আছে, একেই আত্মাৰ মানুহ। ক’ভিড পৰিস্থিতিত জি এম চি এইছত ক’ভিড ৰোগীক অকনো কৃপনালি নকৰাকৈ চিকিৎসা আগবঢ়োৱা হৈছে। সাধাৰন ৰোগীকো সমানেই সেৱা আগবঢ়াইছে চিকিৎসকে।

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ধ্ৰুৱজ্যোতি বৰাই দিছপুৰ প্ৰেছ ক্লাবৰ প্ৰচেষ্টাৰ শলাগ লয় আৰু অতিমাৰীৰ সময়ত চিকিৎসক, নাৰ্চ, স্বাস্থ্যকৰ্মীকে ধৰি সন্মুখৰ পৰা আন সকলোৱে আগবঢ়োৱা সেৱাৰ কথা উল্লেখ কৰে। বিশিষ্ট সমাজকৰ্মী শংকৰ দাসে ভাষণত কয় যে বগা ৰুমাল এখনত সৰু দাগ এটা থাকিলেও বহুতে দাগটোৰ প্ৰতিহে লক্ষ্য কৰে। আমি দুৰ্যোগ, দু:সময়ত মানৱ কল্যানৰ হকে কাম কৰা সকলক উদ্গনি যোগাব লাগিব। দিছপুৰ প্ৰেছ ক্লাবে এই কাম কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply