ৰঙিয়াঃ ৰঙিয়াত প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্তসকললৈ বান সাহাৰ্য্য বিতৰণ। নৱাৰুণ দ্য ৰাইজিং নামৰ এটা বেচৰকাৰী সংস্থা আৰু Mutual fund distributor আৰু Asset management company ৰ যৌথ সহযোগত ৰঙিয়াৰ বানবিধ্বস্ত ঠাই বিহাপাৰাত বান সাহাৰ্য্য প্ৰদান কৰে। এই সংস্থাটোৱে বিহাপাৰাৰ ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ লগতে সাহাৰ্য্য বিতৰণ কৰে। সাহাৰ্য্য বিতৰণৰ এই কাৰ্যসূচীত ৰঙিয়া মহাবিদ্যালয়ৰ ১০ গৰাকীমান ছাত্ৰ-ছাত্ৰীয়ে স্বেচ্ছাসেৱক হিচাপে শ্ৰম দান কৰে।

‘নৱাৰুণ দ্য ৰাইজিঙে’ প্ৰতিটো পৰিয়াললৈ চাউল ১০ কেজি, দাইল ২ কেজি, আলু ৩ কেজি, আটা ১ কেজি, চিৰা ১ কেজি, মিঠাতেল ১ লিটাৰ, পানী ৮ লিটাৰ, ফেনাইল ১ বটল, ডেটল ১ বটল, চেনিটেৰি নেপকিন, মেক্স’ কইল, ম’ম ২পেকেট, বিস্কুত, টুথপেষ্ট, চুলিত ঘহা তেল ১বটল, ব্লিচিং পাউদাৰ ১ কেজি, চেম্পু আৰু মেডিকেলৰ সামগ্ৰী বিতৰণ কৰে।
নৱাৰুণ দ্য ৰাইজিঙৰ সভাপতি ড° সুৰঞ্জনা কলিতা আৰু সাধাৰণ সম্পাদক মনোৰঞ্জন বৰাই জানিবলৈ দিয়া মতে ৰাইজৰ সহযোগত এই সাহাৰ্য্য আগলৈকো অব্যাহত ৰাখিব লগতে এনে সাহাৰ্য্য বিতৰণ কার্যসূচীত সহযোগী হ’বলৈ নৱাৰুণ দ্য ৰাইজিঙে ৰাইজৰ সহায় বিচাৰে।