বৈঠালাংছ’ঃ কাৰ্বিআংলং স্বায়ত্বশাসিত পৰিষদৰ অন্তৰ্গত ৩নং চিণ্ঠং পৰিষদীয় সমষ্টিত দেওবাৰে ৭২৩ ঘৰ ভূমিহীন লোকক মাটিৰ পট্টা প্ৰদান কৰা হয়। পট্টাসমূহ আনুস্থানিক ভাৱে বিতৰণ কৰে চিন্ঠং পৰিষদ সমষ্টিৰ ‍MAC তথা কাৰ্বিপৰিষদৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী সদস্য প্ৰদীপ ৰংপিয়ে।

উল্লেখযোগ্য যে, বৃহত্তৰ লংএ লবলৈ,জালুক লাংটেং,বিচিক্ৰী আদি অঞ্চলৰ এই লোক সকলে মাটিৰ কোনো পট্টা নোহোৱাকৈ যোগ যোগ ধৰি বসবাস কৰি আহিছে। সেয়ে কাৰ্বিপৰিষদে এই লোক সকলে স্থায়ীভাৱে বসবাস কৰিবৰ সুবিধা কৰি দেওবাৰে আনুস্থানিক ভাৱে এই পট্টা সমূহ বিতৰণ কৰে।

লগতে পঢ়কঃবৰাক কাণ্ডই জোকাৰি গৈছে লখিমপুৰকো

অৱশ্যে এতিয়াও অঞ্চল সমূহত প্ৰায় ২৩০০টা পৰিয়ালে মাটিৰ কোনো পট্টা নোহোৱাকৈ বসবাস কৰি আছে। তেওঁলোকৰ পট্টাৰ বাবেও কাৰ্বিপৰিষদে ব্যবস্থা গ্ৰহণ কৰিছে। আনহাতে উক্তসভাতেই বিভিন্ন ৰাজনৈতিক দলৰ পৰা ১৪৯ টা পৰিয়ালে নিজ নিজ দল ত্যাগ কৰি বিজেপিত দলত যোগ দিয়ে।

সভাত EM প্ৰদীপ ৰংপীৰ লগতে পশ্চিম কৰ্বিআংলং জিলা বিজেপিৰ সভাপতি ৰূদীপ ৰংহাং,সম্পাদক ৰাজু ভট্টৰাই,জয়ছিং বংৰুম,থৰছিং চেনাৰ আদি বহু দলীয় নেতা কৰ্মী উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply