নিউজ ডেস্কঃআজি শদিয়াত ভূমিহীন খিলঞ্জীয়া লোকক ভূমি পট্টা প্ৰদান কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
এই অনুষ্ঠানত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, ” অবৈধ অনুপ্ৰৱেশ ৰোধ কৰিবলৈ ট্ৰেইবেল্ট বেল্ট এণ্ড ব্লক গোপীনাথ বৰদলৈয়ে প্ৰৱৰ্তন কৰিছিল। তাত কেইটামান জনগোষ্ঠীৰ নাম বাদ পৰিছিল। যিটো আমি খিলঞ্জীয়া জনগোষ্ঠীক বেল্টত অন্তৰ্ভুক্ত কৰি পট্টা দিয়াৰ ব্যৱস্থা কৰা হৈছে।”
খিলঞ্জীয়াই ট্ৰাইবেল্ট বেল্ট এণ্ড ব্লকত ভূমিৰ অধিকাৰ লাভ কৰিছে। ৰাজ্যত ভূমিৰ জৰীপ কাম আৰম্ভ হৈছে। খিলঞ্জীয়া লোক সকলে ভোগ কৰি থকা ভূমিৰ অধিকাৰ খিলঞ্জীয়াই লাভ কৰিব। ”
তেখেতে শদিয়াৰ ঐতিহাসিক দিশ উল্লেখ কৰি বিশদ বক্তব্য প্ৰদান কৰে । অনুষ্ঠানত জিলা উপায়ুক্ত নৰসিং পাৱাৰ সম্ভাজীয়ে অনুষ্ঠান সন্দৰ্ভত ভাষণ আগবঢ়ায়।
লগতে পঢ়কঃশিক্ষক বিহীন ভাবেই চলিছে চৰাইদেউ জিলাৰ মাহমৰাৰ শিক্ষানুষ্ঠান
সাংসদ প্ৰদান বৰুৱাই কয় যে জনজাতীয় লোক সকল এতিয়াৰে পৰা সুৰক্ষিত হৈ থাকিব। ইফালে ৰাজহ মন্ত্ৰী যোগেন মোহনে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দিনত ৰাইজৰ কাম দ্ৰুত গতিত হৈছে। ভূমিপুত্ৰ খিলঞ্জীয়াক ভূমি দিয়াৰ বাবে এই চৰকাৰ দায়বদ্ধ। ভূমিৰ বহু দীঘলীয়া কাম সোনকালে হয়। প্ৰতিশ্ৰুতি দিয়া ধৰণে এই চৰকাৰে কাম কৰি যাব। কামেই পৰিচয় দিব। সাধাৰণ ৰাইজৰ উন্নয়নৰ বাবে এই চৰকাৰে কাম কৰিব বুলিও উল্লেখ কৰে।
আজিৰ এই অনুষ্ঠানত ১০৪৩ পট্টা বিতৰণ কৰে। অনুষ্ঠানত ৫ গৰাকীক অনুষ্ঠানিক ভাবে পট্টা প্ৰদান কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।