গুৱাহাটীঃ কৰ্পোৰেট সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত মঙলবাৰে হিৰো মোটোকৰ্প লিমিটেডৰ দ্বাৰা মটৰ চাইকেল বিতৰণৰ আনুষ্ঠানিক কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। দিছপুৰৰ অসম লোক নিৰ্মাণ বিভাগৰ সন্মিলন আৰু প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত হোৱা কাৰ্যসূচীৰ অসম চৰকাৰৰ শিক্ষা বিভাগৰ মন্ত্ৰী ড০ ৰণোজ পেগুয়ে এগছি বন্তি প্ৰজ্বলনৰে শুভাৰম্ভনী কৰে।

সভাৰ আৰম্ভণীতে ভাষণত পোন প্ৰথমে হিৰো মোটোকৰ্প লিমিটেডক ধন্যবাদ জ্ঞাপন কৰি মন্ত্ৰী ড০ ৰণোজ পেগুয়ে কয় যে আজিৰ এই  মটৰ চাইকেল বিতৰণে ছাত্ৰ-ছাত্ৰীসকলক কৰ্ম উপাৰ্জনত যথেষ্ঠ সহায়ক কৰি তুলিব। লগতে শিক্ষাৰ্থী সকলক কেৱল মাত্ৰ চৰকাৰী চাকৰিৰ পিছত নগৈ ব্যৱসায় তথা আন কৰ্মত নিয়োজিত হৈ আৰ্থিকভাৱে স্ৱাৱলম্বী হ’বলৈ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে ।

আজি ৰাজ্যৰ ১০ খন মহাবিদ্যালয়লৈ আৰু পৰৱৰ্তী সময়ত মুঠ ১৮৫ খন মহাবিদ্যালয়লৈ মটৰ চাইকেল বিতৰণ কৰা হ’ব বুলি জানিবলৈ দিয়ে মন্ত্ৰী পেগুৱে। উল্লেখ্য যে, আজিৰ এই কাৰ্যসূচীত শিক্ষাবিভাগৰ উপদেষ্টা ননী গোপাল মহন্তৰ লগতে ৰাজ্যৰ কেইবাখনো মহাবিদ্যালয়ৰ অধ্যাপক আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply