জনীয়াঃ আন্তঃৰাষ্ট্ৰীয় সংস্থা একশ্বন এইড’ৰ সৌজন্যত বৰপেটা জিলাৰ জনীয়া সমষ্টিত ৰাষ্ট্ৰীয় বঁটা প্ৰাপক স্বেচ্ছাসেৱী অনুষ্ঠান আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদে কৃষকৰ মাজত বাদাম বিতৰণ কৰে।
প্ৰতিগৰাকী কৃষকক ২০ কিলোগ্ৰামকৈ বাদাম বিতৰণ কৰে আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদে ।
সমষ্টিটোৰ ৰূপসী, মন্দিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰছুলপুৰ, সুঁতিৰপথাৰ, ডাউকমাৰী আৰু কালামপুৰ গাঁৱৰ মুঠ ষাঠি গৰাকী কৃষকক বাদাম বিতৰণ কৰা হয়। ইয়াৰ লগতে বাদাম খেতিৰ বাৰে খেতিডৰাত প্ৰয়োজনীয় পচন সাৰ আৰু প্ৰতিগৰাকী খেতিয়কক এবিঘা কৈ মাটি চহাই দিব বুলিও জনীয়া আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদৰ মুখ্য সম্পাদক আব্দুল মালিকে জানিবলৈ দিয়ে।
লগতে পঢ়কঃকৰিমগঞ্জৰ বৈঠাখালত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহতৰ সংখ্যা ১০ জনলৈ বৃদ্ধি
স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ এনে কাৰ্যক কৃষক সকলৰ লগতে স্বানীয় ৰাইজে ভূয়ঁসী প্ৰসংশা কৰে। উল্লেখ্য যে বিভিন্ন সামাজিক কাৰ্যৰ লগত জড়িত অনুষ্ঠানটো পূৰ্বেও বিভিন্ন ধৰণৰ সামাজিক কাৰ্যৰ জড়িয়তে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।