গুৱাহাটী : নৱবৰ্ষ উদযাপনৰ নামত সংঘটিত হ’ব নোৱাৰিব পথ দুৰ্ঘটনাজনিত মৃত্যু। বনভোজ খাবলৈ যোৱা দল, বাহনৰ চালকৰ প্ৰতি লক্ষ্য ৰাখিব পৰিবহণ বিভাগে। বিভিন্ন বিভাগলৈ মহানগৰ জিলা উপায়ুক্ত পল্লব গোপাল ঝাৰ নিৰ্দেশনা। পথ-দুৰ্ঘটনা তথা পথ-দুৰ্ঘটনাজনিত মৃত্যুৰ সংখ্যা পাৰ্যমানে হ্ৰাস কৰাৰ উদ্দেশে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনাৰে কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ এখন সভা জিলা উপায়ুক্তৰ সভাগৃহত অনুষ্ঠিত হয়৷ জিলা উপায়ুক্ত তথা জিলা পথ সুৰক্ষা সমিতিৰ অধ্যক্ষ পল্লৱ গোপাল ঝাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ আৰম্ভণিতে মহানগৰ জিলাৰ উপায়ুক্ত গৰাকীক পৰিবহণ বিভাগৰ তৰফৰ পৰা আদৰণি জনোৱা হয়৷

সভাৰ আৰম্ভণিতে উদ্দেশ্য ব্যাখ্যা কৰে সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে। উচ্চতম ন্যায়ালয়ৰ দ্বাৰা গঠিত পথ সুৰক্ষা সমিতিৰ নিৰ্দেশনাসমূহৰ লগতে বিগত সময়ছোৱাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সকলোৰে বাবে পথ সৰক্ষা নিশ্চিত কৰাৰ উদ্দেশ্যে পথ দুৰ্ঘটনা আৰু মৃত্যুৰ সংখ্যা হ্ৰাস কৰা, গাড়ী চালনাত অত্যাধিক গতিবেগ নিয়ন্ত্ৰণ কৰাৰ বাবে দিয়া নিৰ্দেশনাৰ বিভিন্ন দিশসমূহ উল্লেখ কৰি সেইসমূহৰ কাৰ্যকৰীকৰণৰ বাবে পথ সুৰক্ষাৰ লগত জড়িত বিভাগসমূহৰ সহযোগিতা আহ্বান জনায় পৰিবহণ বিষয়া গৌতম দাসে।

জিলা উপায়ুক্ত তথা জিলা পথ সুৰক্ষা সমিতিৰ অধ্যক্ষ পল্লৱ গোপাল ঝাই জিলাখনত অত্যাধিক দুৰ্ঘটনা সংঘটিত স্থান যেনে খানাপাৰা, যোৰাবাটৰ নৰ্থ ইষ্ট কেনচাৰ ইনষ্টিটিউটৰ সন্মুখ আৰু সৰুসজাইত অহা দুই-তিনিদিনৰ ভিতৰতে ট্ৰেফিক বেৰিকেড, স্পীড বেকাৰ আদি স্থাপন কৰিবলৈ ৰাষ্ট্ৰীয় পথ প্ৰাধিকৰণক নিৰ্দেশ দিয়াৰ লগতে পথ দুৰ্ঘটনা সংঘটিত স্থানসমূহত গৈ দুৰ্ঘটনাৰ কাৰণ অনুসন্ধান কৰি প্ৰতিবেদন প্ৰস্তুত আৰু ব্যৱস্থা গ্ৰহণ কৰা, দুচকীয়া বাহনত হেলমেট নিপিন্ধা চালক-আৰোহীৰ ওপৰত জৰিমনাকে ধৰি বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে পৰিবহণ বিভাগক নিৰ্দেশ দিয়ে৷ সভাত উপস্থিত থাকি উপায়ুক্তগৰাকীয়ে ট্ৰেফিক আৰক্ষী আৰু পৰিবহণ বিভাগক অত্যাধিক স্পীড তথা বোজা কঢ়িওৱা ডাম্পাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ লগতে নিদিষ্ট ষ্টপেজৰ বাহিৰে যাতে ত’তে বাছ ৰখালে চালকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ আৰু জনসাধাৰণৰ জ্ঞাতাৰ্থে ভাড়াৰ নিৰিখৰ তালিকা জিলা প্ৰশাসনক জনোৱাৰ লগতে অভিযোগৰ বাবে ফোন নম্বৰ দিবলৈ পৰিবহণ বিভাগক নিৰ্দেশ দিয়ে৷

লগতে পঢ়ক : জলজীৱন আঁচনি ৰূপায়নৰ নামত অনিয়ম

চৰকাৰী চিকিৎসালয়ত ট্ৰ’মা চেন্টাৰ স্থাপনৰ পদক্ষেপ গ্ৰহণৰ বাবে জিলা স্বাস্থ্য বিভাগক আহ্বান জনোৱাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক প্ৰতিটো ট্ৰল গেটত থকা ট্ৰ’মা চেণ্টাৰৰ বিষয়ে জনসাধাৰণৰ মাজত উপযুক্ত প্ৰচাৰৰ বাবে আৰু লগতে ট্ৰল ফ্ৰী নম্বৰ তথা স্বাস্থ্য সেৱা ২৪ ঘণ্টা উপলব্ধ কৰিবলৈ উপায়ুক্তই নিৰ্দেশ দিয়ে। তদুপৰি নৱবৰ্ষ উদযাপনৰ নামত যাতে দুৰ্ঘটনাজনিত মৃত্যু নহয় তাৰবাবে আগতীয়াকৈ সকলোধৰণৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ প্ৰদানৰ উপৰি বনভোজ খাবলৈ যোৱা বাহনৰ চালকে যাতে কোনো প্ৰকাৰে মদ্যপান নকৰে সেয়া লক্ষ্য ৰাখিবলৈ পৰিবহণ বিভাগক আহ্বান জনায়। আনহাতে, জুৰোড আৰু মাদাৰ টেৰেছা পথত বন্ধ হৈ থকা চিটিবাছৰ সেৱা পুনৰ আৰম্ভ কৰিবলৈও উপায়ুক্তগৰাকীয়ে সভাত পৰিবহণ বিভাগক নিৰ্দেশ দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply