গুৱাহাটী – ৰাজপথৰ পৰা আঁতৰিল মন্ত্ৰী-বিধায়ক আৰু ৰাজনৈতিক দলৰ নেতাৰ বেনাৰ-পোষ্টৰ-হৰ্ডিং। প্ৰশাসনে আঁতৰালে মন্ত্ৰী-বিধায়ক আৰু ৰাজনৈতিক দলৰ নেতা সকলৰ বেনাৰ-পোষ্টৰ-হৰ্ডিং।

নিৰ্বাচন আয়োগে নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ পিছতে তৎপৰতা হৈ পৰিছে ৰাজ্যৰ প্ৰতিটো জিলাৰ প্ৰশাসন। জিলা প্ৰশাসন ব্যস্ত হৈ পৰিছে নিৰ্বাচনী প্ৰস্তুতিত। এফালে যদি শাসনৰ গাদী দখলৰ উদ্দেশ্যে ৰাজনৈতিক দল সমূহে উঠি পৰি লাগিছে আনফালে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে ব্যস্ত হৈ পৰিছে প্ৰতিটো জিলাৰ প্ৰশাসন।

নিৰ্বাচন আয়োগে অসম নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছতে প্ৰশাসনে আৰম্ভ কৰিছে ৰাজপথ সমূহৰ পৰা মন্ত্ৰী-বিধায়ক আৰু ৰাজনৈতিক দলৰ নেতা সকলৰ বেনাৰ-পোষ্টৰ-হৰ্ডিং সমূহ আঁতৰ কৰা। বিশেষকৈ ৰাজনৈতিক নেতা সকলৰ বেনাৰ-পোষ্টৰ-হৰ্ডিংৰে ভৰি পৰা মহানগৰী গুৱাহাটী ৰাজনৈতিক নেতা সকলৰ বেনাৰ-পোষ্টৰ-হৰ্ডিং সমূহ আঁতৰ কৰাত ব্যস্ত পৰিছে মহানগৰ জিলা প্ৰশাসন।

নিৰ্বাচনী বিধি বলৱৎ হোৱাত কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ লগতে প্ৰতিটো জিলাৰ প্ৰশাসনে মুখ্যমন্ত্ৰীৰ লগতে অন্যান্য বিভাগৰ মন্ত্ৰী, বিধায়ক সকলৰ লগতে প্ৰতিটো ৰাজনৈতিক দলৰ নেতা সকলৰ বেনাৰ-পোষ্টৰ-হৰ্ডিং আঁতৰ কৰাৰ কামত লাগি পৰিছে। ইফালে নিৰ্বাচন আয়োগে ৰাজ্যত সকলো ধৰণৰ নিযুক্তি বন্ধ ৰখাৰ নিৰ্দেশ প্ৰদান কৰাৰ লগতে নিষেধাজ্ঞা আৰোপ কৰিছে সকলো ধৰণৰ বদলিৰ ক্ষেত্ৰত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply