গুৱাহাটী : গুৱাহাটীত কভিড ৰোগীৰ সংখ্যা বৃদ্ধিৰ লগে লগে যিকোনো পৰিস্থিতিৰ সন্মুখীন হ’ব পৰাকৈ সকলো বিকল্প ব্যৱস্থা সাজু কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে৷ বৃহস্পতিবাৰে মহানগৰীৰ হোটেল আৰু ব্যক্তিগত চিকিৎসালয়সমূহৰ কৰ্তৃপক্ষৰ সৈতে দ্বিতীয়বাৰৰ বাবে বৈঠকত বহে জিলা প্ৰশাসনৰ প্ৰতিনিধি৷

হোটেল আৰু ব্যক্তিগত চিকিৎসালয়সমূহৰ মাজত বুজাবুজি হ’লে হোটেলৰ কিমান বিচনা অতিৰিক্তভাৱে পোৱা যাব তাৰ বুজ লয় জিলা প্ৰশাসনৰ মুৰব্বীসকলে৷ ঘৰত থাকিবলৈ ইচ্ছা নকৰা লক্ষণ নথকা ৰোগীসকলক চিকিৎসালয়ৰ পৰিৱৰ্তে হোটেলত ৰখাৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰিছে জিলা প্ৰশাসনে৷

জিলা উন্নয়ন আয়ুক্ত নিবেদন দাস পাটোৱাৰীৰ অধ্যক্ষতাত বহা বৈঠকখনত হোটেল আৰু ব্যক্তিগত চিকিৎসালয়ৰ প্ৰতিনিধিৰ লগতে অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) শৰ্মিষ্ঠা বৰা আৰু যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা° গনেশ শইকীয়া উপস্থিত থাকে৷ ইয়াৰ পিছতে জিলাখনৰ মণ্ডলসকলৰ লগতো এখন বৈঠক অনুষ্ঠিত হয়৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply