টীয়কঃ যোৰহাট জিলাৰ টীয়কৰ চিন্তামনিগড় অঞ্চলত ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনৰ লগতে আৰক্ষী- আবকাৰী, চিআৰ পি এফৰ এটা বৃহৎ দলে অঞ্চলটো পৰিভ্ৰমণ কৰে।

পৰিভ্ৰমণ কৰা দলটোত জিলাখনৰ তিনি গৰাকীকৈ অতিৰিক্ত উপায়ুক্ত, আবকাৰী বিভাগৰ উচ্চ পদস্থ বিষয়া সহ স্থানীয় চক্ৰ বিষয়া, আৰক্ষী বিষয়া আদি উপস্থিত থাকি অঞ্চলটোৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি ৰাইজৰ সৈতে মত বিনিময় কৰে।

আৰু পঢ়কঃতামুলপুৰত আৰক্ষীৰ অস্ত্ৰ কাঢ়ি পলায়নৰ চেষ্টা নাৰী সৰবৰাহকাৰীৰ

লগতে সকলোকে ক’ভিড বিধি অৱলম্বন কৰি ঘৰতে সুৰক্ষিত হৈ থাকিবলৈ আহ্বান জনায়।উল্লেখযোগ্য যে বৃহত্তৰ অঞ্চলটোত থকা কেইবাটাও অবৈধ চুলাই মদৰ ঘাটিৰ বাবে ক’ভিড সংক্ৰমণ বৃদ্ধি পাইছে বুলি বিভিন্ন মহলে অভিযোগ উত্থাপিত কৰাৰ পাছত জিলা প্ৰশাসনে উক্ত অঞ্চলত অবৈধ চুলাই ঘাটিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

লগতে ক’ভিডৰ সংক্ৰমণ ৰোধ কৰিবলৈ প্ৰশাসনক সকলো দল সংগঠন, ৰাইজক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাই অতিৰিক্ত উপাযুক্ত দামোদৰ বৰ্মনে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply